তামুলপুৰত পথ দুৰ্ঘটনাৰ ফলত মাছ ব্যৱসায়ী আহত

Sharing is caring!

তামুলপুৰত পথ দুৰ্ঘটনাৰ ফলত মাছ ব্যৱসায়ী আহত

অসম খবৰ LIVE@ তামুলপুৰ: ২৭ এপ্ৰিল:( ধীৰজ উপাধ্যায়); বাক্সা জিলাৰ তামুলপুৰৰ বৰখাটত আজি ৰাতিপুৱা  প্ৰায় ৮-৪৫ বজাত পথ দুৰ্ঘটনা হয়।জানিব পৰা মতে চামতাৰ পৰা ৰঙিয়া হৈ তামুলপুৰৰ সাপ্তাহিক বজাৰলৈ টেম্প ভেন এখনেৰে মাছ লৈ আহিছিল দুগৰাকীকৈ মাছ ব্যৱসায়ী।

জগন্নাথ দাস (৩৫) আৰু লোহিত দাস (৪০) এ বাইক আৰোহীক বচাবলৈ গৈ টেম্প ভেনখন দুৰ্ঘটনাত পতিত হয় ১২৭ (ডি) নং ৰঙিয়া- ভূটান পথৰ বৰখাটাত। দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থীত  তামূলপুৰৰ আৰক্ষী উপস্থিত হৈ দুয়ো গৰাকী ব্যক্তিক উদ্ধাৰ কৰে আৰু চিকিৎসাৰ বাবে তামুলপুৰ প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । সম্প্ৰতি তামুলপুৰ প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ব্যৱসায়ী দুগৰাকী।

Related posts