শোণিতপুৰীয়াৰ কৃৰ্তীত্ব

Sharing is caring!

শোণিতপুৰীয়াৰ কৃৰ্তীত্ব

অসম খবৰ ৰিপৰ্ট ১৮ জুলাই
যোৰহাট অসম কৃষি বিশ্ববিদ্যায়ৰ ছাত্ৰী শ্ৰী অৰ্চিতা গোস্বামীয়ে দক্ষিন আফ্ৰিকাৰ জোহান্সবার্গৰ অন্তৰ্গত বেলাবেলাত অনুষ্ঠিত হৈ থকা ব্ৰিস্ক যুব সমাৰোহ – ২০১৮ ত অসমৰ পৰা ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবলৈ ৰাষ্টীয় সেৱা যোজনাৰ জৰিয়তে এই সুযোগ লাভ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে ২০১৮ চনৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত দিল্লীত অৰ্চিতাই ভাগ লোৱাৰ সুযোগ লাভ কৰিছিল। সমাৰোহত অৰ্চিতাই সত্ৰীয়া নৃত্যৰ লগতে বক্তৃতা প্ৰদানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে।তেওঁৰ সত্ৰীয়া নৃত্যৰ গুৰু শ্ৰী যোগেনদত্ত বায়ন।
অৰ্চিতা, তেজপুৰ উদয়ন পথ নিবাসী বিদ্যুত পৰিষদৰ সহকাৰী মহাপ্ৰবন্ধক শ্ৰী অনিলচন্দ্ৰ গোস্বামী আৰু শোণিতপুৰ জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী শ্ৰী কৃষ্ণালী দেৱীৰ তনয়া।

Related posts

Leave a Comment