২৭ মাহে অনাদায় দৰমহা নাই । আৰ্থিক দৈন্যত ভুগি অকাল মৃত্যুক সাৱতিলে শিক্ষকে , বাক্সাত শোকৰ ছাঁ

Sharing is caring!

২৭ মাহে অনাদায় দৰমহা নাই । আৰ্থিক দৈন্যত ভুগি অকাল মৃত্যুক সাৱতিলে শিক্ষকে , বাক্সাত শোকৰ ছাঁ

 

২৭ মাহে অনাদায় দৰমহা নাই ।

  • আৰ্থিক দৈন্যত ভুগি অকাল মৃত্যুক সাৱতিলে শিক্ষকে,বাক্সাত শোকৰ ছাঁ..

অসম খবৰLIVE@ (ধীৰাজ উপাধ্যায়) কুমাৰীকাটা: ২৭ এপ্ৰিল : ২৭ মাহৰ পিছত মাহ দৰমহাৰ পৰা বঞ্চিত হৈ আৰ্থিক দৈন্যতাত ভুগি অৱশেষত জীৱন যুদ্ধত হাৰ মানি অকাল মৃত্যুক সাৱটি

ললে বাক্সা জিলাৰ এগৰাকী শিক্ষকে। তামুলপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত কুমাৰীকাটা লতিবাৰী পাকৰিবাৰী এম. ই স্কুলৰ বিটিচি টেট(ছমহীয়া)ৰ শিক্ষক তথা খৈৰানী কাৰখেলা নিৱাসী খেম বাহাদুৰ

ছেত্ৰীৰ কনিষ্ঠ পুত্ৰ জিতেন্দ্ৰ ছেত্ৰী(৩০)ৰ আজি পুঁৱতি নিশা ৮ বজাত হায়দৰাবাদৰ এখন চিকিৎসালয়ত মৃত্যু ঘটে। জানিব পৰা মতে অতি অমায়িক স্বভাৱৰ জীতেন্দ্ৰ দীৰ্ঘদিন ধৰি জটিল ৰোগত

আক্ৰান্ত হৈ থকাৰ ফলত তেওঁৰ দুয়োটা বৃক্ক বিকল হৈ পৰিছিল যাৰ ফলত পৰিয়ালে উন্নত চিকিৎসাৰ বাবে প্ৰায় ১০-১২ দিন পূৰ্বে হায়দৰাবাদলৈ নিছিল যদিও চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা অৰ্থ

বহন কৰিৱলৈ সক্ষম নোহোৱাত অৱশেষত আজি পুৱাৰ ভাগত নিয়তিৰ ওচৰত হাৰ মানে  শিক্ষকগৰকীয়ে। উল্লেখ্য যে ২০১৫ চনৰ পূৰ্বে জীতেন্দ্ৰই কুমাৰীকাটাৰ শংকৰদেৱ শিশু নিকেতনত শিক্ষা

দান দিছিল আৰু ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৩ তাৰিখৰপৰা মাত্ৰ আঠ হাজাৰ টকা বেতনত বিটিচিৰ টেট শিক্ষক হিচাপে লতিবাৰী পাকৰিবাৰী এম. ই স্কুলত কৰ্মৰত আছিল জীতেন্দ্ৰ, কিন্তু

বিগত ২৭ মাহে দৰমহাৰ পৰা বঞ্চিত হৈ আছিল শিক্ষকগৰাকী। যাৰ পৰিণতিত পৰিয়ালৰ লোকে চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধি সকলক জীতেন্দ্ৰৰ উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা অৰ্থ

বিচাৰি বহুবাৰ অনুনয় বিনয় কৰি আহিছিল যদিও ফল নধৰাত মাটি,গহণা আৰু হালৰ গৰু পৰ্যন্ত বিক্ৰী কৰি জীতেন্দ্ৰক সুস্থ কৰি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল পৰিয়ালে। কিন্তু অৱশেষত

নিয়তিৰ ওচৰত হাৰ মানে। তেওঁক সুস্থ কৰি তোলাৰ ক্ষেত্রত তেওঁৰ সহকৰ্মী,তামুলপুৰ আঞ্চলিক বিটিচি টেট সন্থা,বাগসা জিলা গোৰ্খা সন্মিলন,গোৰ্খা ছাত্ৰ সন্থা আদিয়ে কিছুমাহ পূৰ্বে আৰ্থিক

বৰঙনি সংগ্ৰহ কৰিছিল যদিও গুৰুত্ব প্ৰদান কৰা নাছিল বিটিচি কৰ্তৃপক্ষ আৰু বিটিচিৰ শিক্ষা বিভাগে। শিক্ষকগৰাকীৰ মৃত্যুত গাঁৱৰ বাক্সা জিলা গোৰ্খা সন্মিলন,গোৰ্খা ছাত্ৰ সন্থা, সদৌ বিটিচি টেট

উত্তীৰ্ণ সন্থা,তামুলপুৰ আঞ্চলিক টেট সন্থা,লতিবাৰী পাকৰবাৰী এম. ই স্কুল আদিকে ধৰি বিভিন্ন দল – সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে ।

Related posts