সামাজিক দায়বদ্ধতা সৰ্ন্দভত লখিমপুৰৰ বঙালমৰাত বিশেষঃ সজাগতা সভা 

Sharing is caring!

সামাজিক দায়বদ্ধতা সৰ্ন্দভত লখিমপুৰৰ বঙালমৰাত বিশেষঃ সজাগতা সভা 

নাৰী নিৰ্যাতন,বাল্য বিবাহ, শিশু শ্রমিক, সাম্প্ৰদায়িকতা, অন্ধ বিশ্বাস, ৰোধ কৰাৰ সৰ্ন্দভত বঙালমৰাত সজাগতা সভা 
অসম খবৰ@(মনোজ বৰপত্ৰ গোঁহাই) লালুকঃ২৮এপ্ৰিল:-  বঙালমৰা আৰক্ষী চকীৰ সহযোগত ৰাষ্ট্ৰীয়
পৰ্যায়ৰ সামাজিক সংগঠন ব্রাদ্ৰাছ উদ্যোগত আজি এখনি জনজাগৰণ সভা বঙালমৰা বজাৰ প্ৰাংগণত
অনুষ্ঠিত হৈ যায় । উক্ত সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষাবিদ আবু শ্বইদ খানে । সভাখনিৰ
আঁত ধৰে প্ৰাক্তন ছাত্ৰ নেতা ও যুৱ সমাজ কৰ্মী আব্দুৰ ৰাজিবে ।  সভাত আদৰণি ভাষণ দিয়ে বিহপুৰীয়া শিক্ষাখণ্ডৰ সহকাৰী পৰিদৰ্শক আব্দুৰ ৰাজ্জাকে , তেখেতে বৰ্তমান শিশু শ্রমিক , আৰু নাৰী শিক্ষাৰ ওপৰত বক্তৃতা প্ৰদান কৰে । উক্ত সভাত মুখ্য আলোচক হিচাপে ব্রাদ্ৰাছ সংগঠনৰ সচিব প্ৰধান দিবজ্যোতি শইকীয়াই সাম্প্ৰতিক সময়ত গোটেই অসমত চলি থকা নাৰী নিৰ্যাতন,বাল্য বিবাহ, শিশু শ্রমিক, সাম্প্ৰদায়িকতা, অন্ধ বিশ্বাস, ৰোধ কৰাৰ বিভিন্ন কৌশল ৰাইজৰ আগত দাঙি ধৰে । সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লখিমপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষ শান্তনু কুমাৰ দত্তই বৰ্তমান নতুনকৈ প্ৰণয়ন কৰা আইন সম্পৰ্কে ৰাইজক অৱগত কৰাৰ লগতে সমাজত শান্তি শৃংখলা বজাই ৰাখিবলৈ ৰাইজক আহ্বান জনায় । লগতে বক্তব্য ৰাখে লখিমপুৰ জিলা আমছুৰ সভাপতি আমিনুৰ ৰহমান, বিহপুৰীয়া আৰক্ষী থানৰ আৰক্ষী বিষয়া জগদীশ দেৱ গোস্বামী , বঙালমৰা আৰক্ষী চকীৰ প্ৰভাৰী বিষয়া জন পাঠৰী , মহিলা সমিতিৰ হৈ শুকুন্তলা পাৱে বক্তব্য ৰাখে । সভাত উপস্থিত থাকে প্ৰাক্তন ছাত্ৰ নেতা জিয়াউৰ ৰহমান, আযোধ্যা পাৱে , শিক্ষক আবুল হাচিম ফাৰুকি , লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি, গাওঁবুঢ়া, মহিলা সংগঠন,সমাজ কৰ্মী লগতে দুই শতাধিক ৰাইজৰ উপস্থিতিত সভাখন অনুষ্ঠিত হ’য়৷  লগতে নাৰী নিৰ্যাতন,বাল্য বিবাহ, শিশু শ্রমিক, সাম্প্ৰদায়িকতা, অন্ধ বিশ্বাস, ৰোধ কৰাৰ উদ্দেশ্যত বঙালমৰা বজাৰত এখনি বাটৰ নাট প্ৰদৰ্শন কৰা হয় ।

Related posts