অসমত প্ৰথম ধৰ্মীয় সংখ্যালঘু প্ৰতিনিধি বিহীন মন্ত্ৰীসভা

Sharing is caring!

অসমত প্ৰথম ধৰ্মীয় সংখ্যালঘু প্ৰতিনিধি বিহীন মন্ত্ৰীসভা

                  মঃ নুৰ হুছেইন,  বিশ্বনাথ চাৰিআলি,

                      মোবাইলঃ ৮৬৩৮০-৮৩০২৬

 

 

অৱশেষত মন্ত্ৰীসভা গঠনৰ দুবছৰ পাছত সৰ্বানন্দ সোণোৱাল-নেতৃত্বাধীন মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ল । অসমৰ ৰাজনীতিত অভিলেখ সৃষ্টি কৰি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ধৰ্মীয় সংখ্যালঘু মুছলমানবিহীন পূৰ্নাঙ্গ মন্ত্ৰীসভা গঠন কৰিলে । প্ৰাক স্বাধীনতা কাল তথা স্বাধীনতাৰ পৰবৰ্ত্তী সময়ত এয়া প্ৰথমবাৰৰ মন্ত্ৰীসভাত উপেক্ষিত এক বিশেষ সম্প্ৰদায়ৰ প্ৰতিনিধি । কেবিনেট হ’ল সিদ্ধান্ত গ্ৰহণৰ সৰ্বোচ্চ কতৃপক্ষ। এই কেবিনেটে ৰাজ্যখনৰ সিদ্ধান্ত গ্ৰহণৰ ব্যৱস্হাটোত মুছলমান সম্প্ৰদায়ৰ অংশ গ্ৰহণৰ পৰা বঞ্চিত কৰিলে ৷ 
১৯৫২চনত প্ৰথম সাধাৰণ নিৰ্বাচনত মুঠ ১০৮ খন আসনৰ ভিতৰত ১৫ গৰাকী মুছলমান বিধায়ক অসম বিধান সভলৈ নিৰ্বাচিত হোৱাৰ লগতে বিষ্ণুৰাম মেধিৰ প্ৰথম মন্ত্ৰীসভা (২১এপ্ৰিল, ১৯৫২ )ত মইনুল হক চৌধুৰীয়ে স্থান পাইছিল। পৰৱৰ্তী সময়ত বিমলা প্ৰসাদ চলিহা (২৮ ডিচেম্বৰ, ১৯৫৭) মন্ত্ৰীসভাত মইনুল হক চৌধুৰী আৰু ফকৰুদ্দিন আলি আহমেদ , চলিহা মন্ত্ৰীসভা (১৫ মাৰ্চ, ১৯৬২ )ত পুনৰ এই দুজনেই , মহেন্দ্ৰ মোহন চৌধুৰী মন্ত্ৰীসভা (১১ নৱেম্বৰ এপ্ৰিল, ১৯৭০ ) দুজন কেবিনেট আৰু এজন ৰাজ্যিক মন্ত্ৰী, শৰৎ সিং মন্ত্ৰীসভা (১৭মাৰ্চ, ১৯৭২ ) তিনিজন কেবিনেট , গোলাপ বৰবৰা মন্ত্ৰীসভা (১৩ মাৰ্চ, ১৯৭৮ )ত দুজন কেবিনেট , যোগেন হাজৰিকা মন্ত্ৰীসভা (৪ চেপ্তেম্বৰ, ১৯৭৯)ত এজন কেবিনেট এজন ৰাজ্যিক , চৈয়দা আনোৱাৰা টাইমুৰ মন্ত্ৰীসভা (৬ ডিচেম্বৰ , ১৯৮০ ) এজন কেবিনেট এজন ৰাজ্যিক, কেশৱ গগৈ মন্ত্ৰীসভা (১৩ জানুবাৰী , ১৯৮২ ) তিনিজন কেবিনেট আৰু দুজন ৰাজ্যিক, হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভা (২৭ ফেব্ৰুবাৰী , ১৯৮৩) চাৰিজন কেবিনেট আৰু এজন ৰাজ্যিক ,প্ৰফুল্ল কুমাৰ মহন্ত মন্ত্ৰীসভা (২৪ ডিচেম্বৰ , ১৯৮৫) এজন কেবিনেট আৰু এজন ৰাজ্যিক ,হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভা(৩০জুন, ১৯৯১ )ত তিনিজন কেবিনেট আৰু পাঁচজন ৰাজ্যিক , প্ৰফুল্ল কুমাৰ মহন্ত মন্ত্ৰীসভা(১৫মে ,১৯৯৬ ) ত তিনিজন কেবিনেট আৰু তিনিজন ৰাজ্যিক , তৰুণ গগৈ মন্ত্ৰীসভা (১৫মে ,২০০১) ত তিনিজন কেবিনেট পাঁচ জন ৰাজ্যিক, তৰুণ গগৈ মন্ত্ৰীসভা (১৮মে , ২০০৬ )ত তিনিজন কেবিনেট, তৰুণ গগৈ মন্ত্ৰীসভা (১৮মে , ২০১১)ত দুজন কেবিনেট আৰু এজন ৰাজ্যিক মন্ত্ৰী লাভ কৰিছিল। সোণোৱাল মন্ত্ৰীসভাক বাদ দি স্বাধীনোত্তৰ কালত অসমত গঠন হোৱা প্ৰতিখন মন্ত্ৰীসভাত ধৰ্মীয় সংখ্যালঘু মুছলমান সদস্য অন্তৰ্ভুক্ত হৈছিল। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত সোণাই সমষ্টিৰ পৰা বিজেপিৰ টিকটত জিকি অহা একমাত্ৰ মুছলিম বিধায়ক হ’ল আমিনুল হক লস্কৰ । প্ৰথমখন মন্ত্ৰীসভাতে মন্ত্ৰী হিচাবে তেওঁৰ স্থান নিশ্চিত বুলি আশা কৰা হৈছিল । দুবছৰৰ অন্তত সোণোৱাল নেতৃত্বাধীন মন্ত্ৰীসভাৰ আজি সম্প্ৰসাৰণ কৰা হ’ল । পুনৰবাৰ উপেক্ষা কৰা হ’ল আমিনুল হক লস্কৰক ।

তাৎপৰ্যপূৰ্ণ এই যে ৰাজ্যৰ মুঠ জনসংখ্যাৰ ৩৪% সংখ্যালঘু মুছলমান প্ৰতিনিধিত্ব কৰিব পৰাকৈ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন এজনো সদস্য অন্তৰ্ভুক্ত নহ’ল । ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত সোণাই সমষ্টিৰ পৰা বিজেপিৰ টিকটত জিকি অহা একমাত্ৰ মুছলমান বিধায়ক হ’ল আমিনুল হক লস্কৰ । প্ৰথমখন মন্ত্ৰীসভাতে মন্ত্ৰী হিচাবে তেওঁৰ স্থান নিশ্চিত বুলি আশা কৰা হৈছিল । দুবছৰৰ অন্তত সোণোৱাল নেতৃত্বাধীন মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰা হ’ল যদিও পুনৰবাৰ উপেক্ষা কৰা হ’ল আমিনুল হক লস্কৰক ।
Copy@

 

Courtesy:-WhatsApp#

Related posts