পথাৰত নাই পানী:কৃষকৰ হাহাকাৰ অৱস্থা

নদুৱাৰৰ জলসিঞ্চন বিভাগৰ ল’ৰা ধেমালিত অতিষ্ঠ

ৰাইজ


অসম খবৰ@তেজপুৰৰ পৰা মৃন্ময় শইকীয়া ২১ জুলাই :

পথাৰত নাই পানী, প্ৰখৰ ৰ’দত পথাৰৰ পানী শুকাই যোৱাত মূুৰে কপালে হাত দিছে নদুৱাৰৰ কৃষক ৰাইজে ৷ ৰ’দৰ তাপত পথাৰ চিৰাল ফাট দিছে ।  সমস্যাত পৰিছে কৃষক সকল ৷ আজি কেবা দিনো ধৰি প্ৰখৰ ৰ’দত পথাৰৰ পানী শুকাই যোৱাৰ লগতে কঠিয়াসমূহ পানীৰ অভাৱত ৰঙচুৱা হৈ পৰিছে ৷  আনহাতে ওচৰৰ খাল -পুখুৰী আদিৰ পৰা পানী সিচিচে যদিও কোনো আশাৰ বতৰা দেখা নাই কৃষক সকলে তাকে লৈ চিন্তাত পৰিছে কৃষক সকল ৷ যাৰ বাবে খেতি পথাৰত পানী দিব নোৱাৰা জলসিঞ্চন বিভাগৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নদুৱাৰৰ কৃষক সকল ৷  কৃষক সকলে এটাই প্ৰশ্ন উথাপন কৰিছে – “প্ৰয়োজনীয় সময়ত খেতি পথাৰলৈ পানী যোগান ধৰিব নোৱাৰা বৰদিকৰাইৰ জলসিঞ্চন প্ৰকল্পই প্ৰকৃততে কাক উপকৃত কৰিছে ? কোটি কোটি টকা চৰকাৰে বৰদিকৰাই জলসিঞ্চন আচনিত খৰচ কৰাতকৈ আমাক একোতাকৈ ‘ চেলফিল্টাৰ ‘ দিয়ক ৷”  মনকৰিবলগীয়া যে ১৯৭৫ চনতেই নদুৱাৰ কৃষক সকলৰ স্বাথত সিজোচাত স্থাপন কৰা হৈছিল বৰদিকৰাই জলসিঞ্চন আচঁনি ৷  এটা সময়ত এই আচঁনিৰ জৰিয়তে কৃষক সকল উপকৃত হৈছিল যদিও যোৱা ডেৰ দশক ধৰি বৰদিকৰাই জলসিঞ্চন আচঁনিৰ পৰা এটুপিও খেতি পথাৰত পানী লাভ কৰা নাই নদুৱাৰৰ কৃষক ৰাইজে ৷ আচঁনি খন মেৰামতিৰ নামত কৃষক চৰকাৰে কোটি কোটি টকা খৰচ কৰিলে যদিও কৃষক সকল উপকৃত নহল ৷  
সাম্প্ৰতি আচঁনি খনক কৃষক সকলে “ আছে গৰু নাবাই হাল , এই আচঁনি থকাতকৈ নথকাই ভাল ” বুলি অভিহিত কৰে ৷

Related posts

Leave a Comment