ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনাৰ কৰি গ্ৰেপ্তাৰ চাৰি চোৰাং চিকাৰী

Sharing is caring!

দৰং আৰক্ষীৰ বৃহৎ সফলতা

◆ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনাৰ কৰি গ্ৰেপ্তাৰ

চাৰি চোৰাং চিকাৰী


অসম খবৰ@উজ্জ্বল জোতি ডেকা , মঙলদৈ ২২ জুলাই :- দৰঙৰ আৰক্ষী অধীক্ষক জিৎ টিৰ তৎপৰতাত জিলাখনত ক্ৰমাগতভাৱে হ্ৰাস পাবলৈ ধৰিছে অপৰাধ মূলক কাৰ্যকলাপ। ইটোৰ পিছত সিটো সফল অভিযানৰ লগতে আৰক্ষী আৰু জনসাধৰণৰ মাজত এক সু-সম্বন্ধ গঢ়ি তুলিবলৈ সক্ষম হৈছে । দৰঙৰ এগৰাকী সফল আৰক্ষী অধীক্ষক হিচাবে জনসাধৰণৰ মাজত পৰিচিত হোৱা আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত যোৱানিশাও এক অভিযানত ৪ জন দুৰ্ধষ গঁড়ৰ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ঘটনাৰ সবিশেষৰ বাবে আজি ১২ বজাত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ উদ্দেশ্য তিনি দিন ধৰি বাহৰ পাতি আছিল এটা চাৰিজনীয়া চোৰাং চিকাৰীৰ দলে । গোপন সূত্ৰৰ যোগেদি খবৰ লাভ কৰিছিল দৰং আৰক্ষীয়ে ।  এই সূত্ৰৰ যোগেদি দৰঙৰ  ডি এছ পি(পি) এছ জে ৰয়, ডি এছ পি অমিত কুমাৰ হোজাইৰ নেতৃত্বত দলগাঁও থানাৰ সহযোগত পুৱতি নিশা অভিযান চলায়। অভিযানকালত দলগাওঁ থানাৰ অন্তৰ্গত  কাচোমাৰি সোনাৰী গাঁৱৰ গড়ঁ হত্যাৰ মূল পৰিকল্পনাকাৰী নুৰ হুছেইন (৫০)ক অভিযানকাৰী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । নূৰৰ চিকাৰুক্তিৰ ভিত্তিত গড় হত্যাৰ পৰিকল্পনা কৰা সহযোগী একে গাঁওৰে আবুল হুছেইন(৪৫)কো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । নুৰ হুছেইন আৰু আবুল হুছেইনক সোধা পোচ কৰাত দূৰ্ধষ চাফ ছুটাৰ হিচাপে  ব্যৱহাৰ কৰা ডনিয়েল এবটমী(২৮)( ডিমাপুৰ) আৰু এলোৱা কৃপা(২৩)   (নাগালেণ্ড) কো গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে নুৰ হুছেইনৰ ঘৰৰ পৰা ৩০৩ ৰাইফল দুটা, ৯ এম এম কাৰ্বন এটা, চাইলেন্সাৰ এটা আৰু ৩০৩ Ammunition ৪টা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। চাৰিজনকে তিনি দিনৰ আৰক্ষীৰ জিম্মত লৈ সোধ- পোচ অব্যাহত ৰাখিছে দৰং আৰক্ষীয়ে ।

Related posts

Leave a Comment