গহপুৰত উজ্জ্বলা যোজনা আঁচনিৰ নামত ব্যাপক লুন্ঠন

Sharing is caring!

উজ্জ্বলা আঁচনিৰ গেছ-চিলিণ্ডাৰ ক’লা বজাৰত

গহপুৰত উজ্জ্বলা যোজনা আঁচনিৰ নামত ব্যাপক লুন্ঠন 


 

 অসম খবৰ@গহপুৰ,২৩জুলাই : ভাৰতৰ দৰিদ্ৰ পৰিয়ালৰ মহিলা সমূহৰ

মুখত হাঁহি অনাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ২০১৬ চনৰ মে’ মাহত আৰম্ভ

কৰে উজ্জ্বল যোজনা। এই যোজনাৰ অধীনত দুখীয়া মহিলা সকলক

সশক্তিকৰন আৰু স্বাস্থ্যৰ সুৰক্ষাৰ বাবে বিনামূলীয়াকৈ ৰন্ধন গেছ প্ৰদান

কৰাৰ লক্ষ্য আগত ৰাখি।সেই ৰন্ধন গেছ সমূহ প্ৰকৃত দুখীয়া পৰিয়ালৰ

মহিলাই পোৱা পৰিৱৰ্তে বজাৰত তিনি হাজাৰ পৰা চাৰি হাজাৰ টকাত

উপলব্ধ হৈছে । গহপুৰ সমষ্টিৰ দৰিদ্ৰ পৰিয়ালৰ বাবে অহা ৰন্ধন গেছৰ বৃহৎ

দুৰ্নীতি হোৱা গোপন তথ্য মতে কালি ককিলা মাজ গাওঁত প্ৰান্তোছ দাস

নামৰ যুৱক জনৰ ঘৰত অনুসূচিত জাতি ছাত্র সন্থা আৰু বহু কেইজন

গহপুৰৰ সচেতন যুৱক উপস্থিত হয় । উপস্থিত হৈ তেওঁ ঘৰত দৰিদ্ৰ মহিলাৰ

বাবে চৰকাৰে যোগান ধৰা পাচটা ৰন্ধন গেছ উদ্ধাৰ কৰে । অনুসূচিত জাতি

ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক বিপুল হীৰা আৰু বিশ্বনাথ জিলাৰ

সহ:সম্পাদক বিশ্ব দাসে জানিব দিয়া মতে সেই ৰন্ধন গেছ সমূহ বজাৰত

তিনিহাজাৰ পৰা চাৰিহাজাৰ টকা পৰ্যন্ত বিক্ৰী কৰি আহিছে ।দল সংগঠন

সমূহে দাবী উত্থাপন কৰিছে এনে চৰকাৰী বহু আচনি লগত গহপুৰৰ বহু দুষ্ট

চক্ৰ জড়িত হৈ ক’লা ব‍্যৱসায় চলাই আহিছে। কিন্তু পৰিতাপৰ বিষয় যে

গহপুৰ সমষ্টি বিধায়ক উৎপল বৰাই কোনো আচনিত তদন্ত নকৰা অভিযোগ

আনিছে গহপুৰৰ একাংশ সচেতন ৰাইজে । লগতে অনুসূচিত জাতি ছাত্র

সন্থাৰ বিপুল হীৰা,বিশ্ব দাস,মিলন দাস(কেন্দ্ৰীয় কাৰ্য‍্যনিবাহক), লগতে

গহপুৰৰ সচেতন যুৱক অৰূপ ভূঞা,কৃষ্ণমনি দাস, অপূৰ্ব দাস আৰু ত্ৰিদীপ

ফুকনে উদ্ধাৰ কৰা ৰন্ধন গেছ কেইটা লগতে ক’লা ব‍্যৱসায়ৰ লগত জড়িত

থকা প্ৰান্তোছ দাসক গহপুৰ আৰক্ষীক গতাই দিয়ে ।

Related posts

2 Thoughts to “গহপুৰত উজ্জ্বলা যোজনা আঁচনিৰ নামত ব্যাপক লুন্ঠন”

  1. Rose Ahmed

    ভাল পদক্ষেপ , লগতে youtube channel এটা কৰিলে আৰু ভাল হলে হয় ছাগে ।

    1. ধন্যবাদ । You Tube চেনেল আছে, You Tube

Leave a Comment