বৰলুইতৰ উদ্যোগত ফেশ্বন প্ৰতিযোগিতা:ভৱজ্যোতি কলিতালৈ মিষ্টাৰ ৰঙিয়া খিতাপ 

Sharing is caring!

বৰলুইত সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ফেশ্বন

প্ৰতিযোগিতা

●  মিষ্টাৰ ৰঙিয়া খিতাপ ভৱজ্যোতি কলিতালৈ

●  হিমাশ্ৰী লহকৰলৈ মিছ ৰঙিয়া 


 

অসম খবৰ@ৰঙিয়া, ২৪ জুলাই : ৰাজ্যৰ উদ্যমী সাংস্কৃতিক গোষ্ঠী বৰলুইতৰ উদ্যোগত যোৱা বুধবাৰে এক ফেশ্বন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । প্ৰতিযোগিতাখনিত মিষ্টাৰ ৰঙিয়া খিতাপ লাভ কৰিবলৈ সক্ষম হয় ৰঙিয়াৰ লাচি বিষ্ণুপুৰৰ যুৱক ভৱজ্যোতি কলিতাই । প্ৰথম ৰানাৰ্ছ আপ হিচাপে ওদালগুৰিৰ যুৱক প্ৰেমকান্ত ৰাভা আৰু দ্বিতীয় ৰানাৰ্ছ আপ খিতাপ লাভ কৰে ধুবুৰীৰ ৰাজদ্বীপ কুমাৰক নিৰ্বাচিত কৰা হয় ।

ফেশ্বন প্ৰতিযোগিতাখনিত মিছ ৰঙিয়া খিতাপ হিচাপে লাভ কৰে ৰঙিয়া ৰেল ষ্টেচনৰ হিমাশ্ৰী লহকৰে । প্ৰথম ৰানাৰ্ছ আপ নীলাক্ষী শৰ্মা আৰু দ্বিতীয় ৰানাৰ্ছ আপ লাভ কৰে নলবাৰীৰ প্ৰণামিকা মোচাহাৰীয়ে ।

আনহাতে শিশুৰ ফেশ্বন খিতাপ লাভ কৰে টংলাৰ তনময় নাথে । সাংস্কৃতিক অনুষ্ঠান বৰলুইতৰ সঞ্চালক পংকজ কুমাৰ দাস আৰু উদ্যমী যুৱক ধীৰাজ ডেকাৰ উদ্যোগত অনুষ্ঠিত ফেশ্বন প্ৰতিযোগিতাখনিত বিচাৰক আসনত সন্দীপ সাবিত্ৰী সূত্ৰধৰ,হৰি পূৰ্ব নিৰুলা আৰু পাহাৰী মেধিয়ে ।

Related posts

Leave a Comment