গুৱাহাটী ৰেল ষ্টেচনত গাঞ্জাসহ আটক ৫ গৰাকী মহিলা

Sharing is caring!

গুৱাহাটী ৰেল ষ্টেচনত গাঞ্জাসহ আটক ৫ গৰাকী মহিলা

 

অসম খবৰ@ গুৱাহাটী, জুলাই-২৪: গুৱাহাটী মহানগৰী এতিয়া অপৰাধীৰ বাবে হৈ উঠিছে ৰম্যভূমি। উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী ৰেল ষ্টেচনত সোমবাৰে নিশা ৰেল আৰক্ষীয়ে গাঞ্জা সহ আটক কৰিবলৈ সক্ষম হৈছে ৫ গৰাকীকৈ মহিলাক। সোমবাৰে নিশা ৰেল আৰক্ষীয়ে চলোৱা এক নিয়মীয়া তালাচীৰ সময়ত ১৫৯০৩ নং নামনিমুৱা ডিব্ৰুগড়ৰ-চণ্ডীগড় এক্সপ্ৰেছৰ চি/এছ -৫ আৰু চি/এছ-৬ নং ডবাৰ পৰা গাঞ্জা সহ আটক কৰা হয় ৫ গৰাকীকৈ মহিলা। আটক হোৱা মহিলা কেইগৰাকী হৈছে ক্ৰমে, পশ্চিমবঙ্গৰ মুর্শিদাবাদ জিলাৰ মহিৰা বেৱা, সাগৰ বানু বেৱা, আজমা খাতুন, মাফৰুজা বেৱা আৰু মুমতাজ বিবি বুলি ৰেল আৰক্ষীয়ে জানিবলৈ দিয়ে। জানিব পৰা মতে, গাঞ্জাখিনি চোৰাংভাৱে ডিমাপুৰৰ পৰা গুৱাহাটী হৈ পশ্চিমবংগলৈ সৰবৰাহ কৰাৰ চেষ্টা চলাওঁতে আটক হয় ধৃত গাঞ্জা সৰবৰাহকাৰী মহিলা কেইগৰাকী। ইতিমধ্যে ৰেল আৰক্ষীয়ে ২০৩/১৮ নম্বৰত এন. ডি. পি.এছ আইনৰ ইউ/এছ ২০(বি) ধাৰাৰ অধিনত গোচৰ ৰুজু কৰি মহিলাগৰাকীক জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

Related posts

Leave a Comment