Sharing is caring!

অসম খবৰ@(বি.কলিতা)ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৬ জুলাই: চলিত মাহৰ ৩০জুলাইত প্ৰকাশিত হবলগীয়া NRCৰ দ্বিতীয়খন খচৰাক লৈ কেন্দ্ৰৰ গৃহ মন্ত্ৰণালৰ পৰা ৰাজ্যৰ প্ৰশাসনলৈ নিৰ্দেশনা জাৰী কৰিছে। NRCৰ সম্পূৰ্ণ খচৰাত যিসকলৰ নাম অন্তৰ্ভুক্ত নহয় তেওঁলোকৰ ওপৰত কোনোধৰণৰ পুলিচী বা প্ৰশাসনিক ব্যৱস্থা ল’ব নোৱাৰিব ৰাজ্য চৰকাৰখনে।

NRCৰ খচৰাত নাম নথকা সকল প্ৰেৰণ কৰিব নোৱাৰিব বিদেশী ন্যায়াধিকৰণলৈ। খচৰা খনত নামসকলক আটক কৰাৰ পৰাও বিৰত থাকিব লাগিব। ৰাজ্যৰ প্ৰশাসন আৰু আৰক্ষীক এই সন্দৰ্ভত নিৰ্দেশ দিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা পৰামৰ্শ ৰাজ্য চৰকাৰলৈ। অসমৰ লগতে আন-আন চুবুৰীয়া ৰাজ্যসমূহলৈও এই নিৰ্দেশনা।

সকলোকে ন্যায়, শান্তি-শৃংখলা আৰু মানৱীয় দৃষ্টিৰে সমস্যা সমাধানৰ পক্ষত থিয় হবলৈ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ। তেওঁ লগতে এই কথাও স্পষ্ট কৰে যে সকলোৱে আইনৰ অধীনত অভিযোগ নিষ্পত্তিৰ সুবিধা পাব।

৩০ জুলাইৰ পাছত সাধাৰণ জনতাৰ দাবী- অভিযোগৰ নিষ্পত্তিৰ সকলো ব্যৱস্থা কৰা হ’ব। সূক্ষ্মভাৱে নিৰীক্ষণ কৰা হ’ব সকলো দাবী আৰু অভিযোগ।

shares
error: Content is protected !!