জুনিয়ৰ বাবা ৰামদেৱ

Sharing is caring!

জুনিয়ৰ বাবা ৰামদেৱ 

ৰহাত দুটিকৈ শিশুৰ

যোগচৰ্চাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে

 

অসম খবৰ নগাঁও ২৬ জুলাই
যোগ চৰ্চাই বিশ্বজুৰি প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰাৰ সময়তে নগাঁৱৰ ৰহাত সৃষ্টি হৈছে দুটি জুনিয়ৰ বাবা ৰামদেৱৰ৷ ৰহা চহৰৰ ৰজাগাঁৱৰ স্তুতি দেৱী আৰু অভিজ্ঞান নাথ নামৰ এই শিশু দুটিৰ যোগ প্ৰদৰ্শনে বিশেষভাৱে চৰ্চা লাভ কৰিছে৷ স্তুতি আৰু অভিজ্ঞান সম্পৰ্কত ভাতৃ-ভগ্নী৷ সেনাবাহিনীত কৰ্মৰত নকুল চন্দ্ৰ নাথ আৰু স্বৰ্ণলতা দেৱীৰ কন্যা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী স্তুতি আৰু পুত্ৰ চতুৰ্থ শ্ৰেণীৰ অভিজ্ঞানে ইতিমধ্যেই আয়ত্ব কৰিছে ৩০খনতকৈ অধিক আসন৷ শীৰ্ষাসন, পদ্মাসনৰ পৰা প্ৰায় সকলো কঠিন আসন দক্ষতাৰে প্ৰদৰ্শন কৰিব পাৰে দুয়োয়ে৷ বাবা ৰামদেৱৰ দৰেই পেট ঘূৰাব পাৰে। দুয়ো ভাতৃ-ভগ্নীয়ে হেলাৰঙে বগাব পাৰে দুখন পকীবেৰ৷ কোনো সহায় অবিহনেই পকী বেৰ বগায়।  সুন্দৰ যোগশৈলী প্ৰদৰ্শনৰে ইতিমধ্যে সমাদৰ লাভ কৰা স্তুতি আৰু অভিজ্ঞানে অৱশ্যে প্ৰথম অৱস্থাত নেটত যোগাসন চাই চায়েই আসনসমূহ আয়ত্ব কৰিছিল৷ অৱশ্যে, এইক্ষেত্ৰত মাতৃ স্বৰ্ণলতাই যথেষ্ট প্ৰেৰণা দিছিল। শেহতীয়াকৈ দুয়ো গুৰুৰ ওচৰত যোগ শিক্ষা গ্ৰহণ কৰিছে।  নিতৌ পুৱা-গধুলি যোগচৰ্চা কৰা স্তুতি আৰু অভিজ্ঞানৰ যোগ কলাৰ ফটো আৰু ভিডিঅ বাবা ৰামদেৱ লৈ প্ৰেৰণ কৰি বাবা ৰামদেৱৰ আশীৰ্বাদ লাভ কৰিছে। যোগৰ প্ৰতি তীব্ৰ আকৰ্ষণ থকা দুই ভাতৃ-ভগ্নীৰ এই চৰ্চা অব্যাহত ৰাখিলে ভৱিষ্যতে যোগ-বিশাৰদ হ’ব বুলি সকলোৱে আশা কৰিছে।

Related posts

Leave a Comment