মৰিগাৱঁত নটসূৰ্য ফণী শৰ্মা স্মৃতি দিৱস আয়োজন

Sharing is caring!

মৰিগাৱঁত নটসূৰ্য ফণী শৰ্মা স্মৃতি দিৱস আয়োজন

 

অসম খবৰ মৰিগাওঁ ২৯ জুলাই কৃষ্ণ মণি নাথৰ ৰিৰ্পট

অসমৰ বিশিষ্ট নাট্যশিল্পী নটসূৰ্য ফণী শৰ্মাৰ ষ্মৃতি দিৱস টি অহা ৩১ জুলাইত দিনযোৰা কায্যসূচীয়ে মৰিগাঁৱৰ নটুৱাগাওঁ নটসূৰ্য ফণী শৰ্মা ষ্মৃতি যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত কৰাৰ হৈছে।এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজক সমিতিয়ে একবিংশতিতম প্ৰাইজমাণি দিহানাম আৰু লোকগীত প্ৰতিযোগিতা আয়োজন কৰিছে।উদ্যোক্তাসকলে জনোৱা মতে ৩১জুলাই পুৱা সাত বজাত নটুৱাগাওঁ নটসূৰ্য ফণী শৰ্মা ষ্মৃতি যুৱ সংঘৰ কাৰ্য্যালয় প্ৰাংগনত উত্তোলনেৰে কাৰ্য্যসূচী মুকলি কৰিব যুৱ সংঘৰ সভাপতি দ্বীপ কুমাৰ নাথ বন্তি প্ৰজ্বলন কৰিব দয়াৰাম নাথে।শ্বহীদ তৰ্পন কৰিব মুনিন্দ্ৰ নাথে, গছপুলি ৰূপন কৰিব পুষ্পধৰ দাসে ।
দিনৰ ১১ বজাত অনুষ্ঠিত হ’ব বিচিত্ৰানুষ্ঠান। শুভাৰম্ভ কৰিব ইন্দ্ৰেশ্বৰ বৰাই । নিশা ৯বজাত সম্বধৰ্না অনুষ্ঠান।৯:৩০ বজাৰ পৰা অনুষ্ঠিত হব দিহানাম আৰু লোকগীত প্ৰতিযোগিতা বিশিষ্ট অতিথি হিচাপে অংশ লব চলচ্চিত্ৰ প্ৰয়োজক আৰু পৰিচালক বাণী দাস, আমন্তিত অতিথি হিচাপে অংশ লব মৰিগাওঁ সাংবাদিক প্ৰতাপ হাজৰিকা আৰু প্ৰাক্তন আছুৰ সভাপতি শান্তনু শৰ্মা, তিৱা জাতীয় ঐক্যমঞ্চ্য মুখপাত্ৰ অজিত ডেকা,
অনুষ্ঠান উদ্ধোৰ্ধন কৰিব মৰিগাওঁ বিধান সভা সমষ্ঠি বিধায়ক ৰমাকান্ত দেউৰী ।

Related posts

Leave a Comment