নগাঁৱত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ ট্ৰেক্টৰ বিতৰণ

Sharing is caring!

নগাঁৱত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন

       যোজনাৰ ট্ৰেক্টৰ বিতৰণ 

অসম খবৰ নগাঁও অপূৰ্ব হাজৰিকা ২৯ জুলাই

দেওবাৰে নগাঁৱত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত জিলাখনৰ ১২৩ টা আত্মসহায়ক গোটৰ মাজত ট্ৰেক্টৰ বিতৰণ কৰা হয় । জিলা কৃষি বিভাগ আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত এই ট্ৰেক্টৰ বিতৰণৰ অনুষ্ঠান অনুষ্ঠিত হয় । নগাঁৱৰ উপায়ুক্ত বিশ্বজিৎ পেগুয়ে আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাই , মন্ত্ৰী কেশৱ মহন্ত আৰু ৰঞ্জিত দত্ত উপস্থিত থাকে । ট্ৰেক্টৰ বিতৰণৰ এই শুভাৰম্ভ অনুষ্ঠানত সভাৰ মাজতে ৮ টা আত্মসহায়ক গোটক ট্ৰেক্টৰ বিতৰণ কৰা হয় । ইফালে এই অনুষ্ঠানটিতে সাংসদ ৰাজেন গোঁহাই আৰু মন্ত্ৰী ৰঞ্জিত দত্তই ট্ৰেক্টৰ চলোৱাও পৰিলক্ষিত হয় ।

Related posts

Leave a Comment