যিকোনো পৰিস্থিতিলৈ সাজু নগাঁও জিলা প্ৰশাসন

Sharing is caring!

এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ কৰিবলৈ

 

          সাজু নগাঁও জিলা প্ৰশাসন

 

অসম খবৰ নগাঁও, ২৯ জুলাই

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ চূড়ান্ত তথা সম্পূৰ্ণ খচৰা প্ৰকাশ পাবলৈ মাজত মাথোঁ‌ কেইটামান ঘণ্টা বাকী। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কৰ্তৃপক্ষই সোমবাৰ অৰ্থাৎ ৩০ জুলাইৰ পুৱা ১০ বজাত প্ৰকাশ কৰিব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পাব। ইতিমধ্যে সমগ্ৰ ৰাজ্যবাসীয়ে এই ক্ষণটোলৈ অধীৰ আগ্ৰহৰে বাট চাই ৰৈছে। ইপিনে খচৰা প্ৰকাশৰ পিছত ৰাজ্যখনত যাতে কোনো অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি নহয় তাৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যৰ দল-সংগঠনে কাম কৰি থকা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে ৰাজ্যৰ প্ৰশাসনেও এই চেষ্টা অব্যাহত ৰাখিছে৷ সেয়ে আজি নগাঁও জিলা প্ৰশাসনৰ হৈ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে সংবাদ মেল যোগে এই কথা জানিবলৈ দিয়ে – ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ খচৰা প্ৰকাশৰ কাম নগাঁও জিলাতো সম্পূৰ্ণ হৈছে।সোমবাৰে অৰ্থাৎ ৩০ জুলাইৰ ১০ বজাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পাব৷ অসম চুক্তিৰ আধাৰত ২০১৫-১৮ চনলৈ তিনিবছৰ ধৰি তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে আৰু বিদেশী সমস্যা নোহোৱা কৰিবৰ বাবেই এই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সম্পূৰ্ণ খচৰা প্ৰস্তুত কৰা হৈছে। আনহাতে, কোনো ধৰণৰ উৰাবাতৰিৰ চক্ৰান্তত পৰি যাতে কোনো ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবেও সমাজৰ সচেতনমহলক পদক্ষেপ গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্তগৰাকীয়ে আহ্বান জনায়। ইয়াৰ উপৰি যিকোনো ধৰণৰ অপ্ৰীতিকৰ খবৰ বাতৰি পোৱাৰ লগে লগে প্ৰশাসনক অৱগত কৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ মাজত যেন কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে আহ্বান জনোৱাৰ লগতে জিলা প্ৰশাসনৰ ০৩৬৭২-২৩০১২০ হেল্পলাইন নম্বৰত ফোন কৰি জনাবলৈ আহ্বান জনায়। জিলা উপায়ুক্তগৰাকীয়ে সংবাদ মেলত জানিবলৈ দিয়ে যে, নগাওঁ জিলাৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ বাবে আবেদন কৰা মুঠ পৰিয়াল ৪,১৪,১২৫ টা আৰু মুঠ সদস্য ২০,৬৪,২৬২ জন।নগাঁৱৰ অতি স্পৰ্শকাতৰ এলেকা ৭১ টা, স্পৰ্শকাতৰ ৩৮ টা আৰু সুৰক্ষিত এলেকা ৭৪টা। জিলাখনৰ ভিতৰত চামগুৰি, ৰূপহীহাট, ধিং, ৰহা ৰাজহ চক্ৰ এলেকাত সৰ্বাধিক অতি স্পৰ্শকাতৰ এলেকা। ইয়াৰ উপৰি জিলাখনত জাৰি কৰা হৈছে ১৪৪ ধাৰা। জিলাখনত নিৰাপত্তাৰ বাবে সষ্টম কৰি ৰখা হৈছে ১৩ টা অতিৰিক্ত কোম্পানী। আনহাতে, জিলা উপায়ুক্তগৰাকীয়ে ৰহা ৰাজহ চক্ৰৰ অধীনত দীঘলীআটি, আমতলা, বগলাজান, মণিপুৰ টোপ, মাগুৰগাঁ‌ও, কমাৰগাঁ‌ও; চামগুৰি ৰাজহ চক্ৰৰ মোৱামাৰী, কাঠপাৰা, বৰঘূলি, গেৰেকী, গটঙা, কাৱৈমাৰী, ৰূপহী, জিওমাৰী, ভূৰবন্ধা, লাওখোৱা, আমবাগান, শিঙিমাৰী; ৰূপহী ৰাজহ চক্ৰৰ জুৰীয়া, চতিয়ান, তিনিচুকীয়া, হাতীপাৰা, হাতীপুখুৰী, সুঁ‌তিৰপাৰ, গদাইমাৰীৰ লগতে কলিয়াবৰ ৰাজহ চক্ৰৰ লখনাবন্ধা, কুঠৰী, পূৱঠৰীয়া, বৰঘূলি অঞ্চলসমূহ অতি স্পৰ্শকাতৰ বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে, আজিৰ সংবাদ মেলত জিলা উপায়ুক্তৰ লগতে অতিৰিক্ত উপায়ুক্তদ্বয় লাচিত কুমাৰ দাস আৰু গৌৰিশংকৰ দাস উপস্থিত থাকে।

Related posts

Leave a Comment