বন বিভাগৰ আজৱ কাণ্ড : মৃত বন বিষয়াক দিলে বদলি নিৰ্দেশ :

 

এই বাৰ বন বিভাগত ঘটিল অঘটন । এমাহ পূৰ্বে মৃত্যু হোৱা বন বিষয়াক দিলে বন বিভাগৰ সচীবে বদলি নিৰ্দেশ।
তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে বন বিভাগৰ সচিব এম বৰুৱাই জাৰি কৰা এক বদলি নিৰ্দেশত ৰাজ্যৰ ৮৬ জন বন বিষয়াক ৰাজ্য বিভিন্ন স্থানলৈ বদলি নিৰ্দেশ দিয়ে।

উক্ত বিষয়া সকলক নিৰ্দেশৰ জৰিয়তে ২৪ ঘন্টা ভিতৰত নিজৰ নিজৰ স্থানত যোগদান কৰিবলৈ কোৱা হৈছিল যদিও এতিয়া লাগিছে যোগদানত কেনা।

কৰোবাত যদি মৃত্যু হোৱা বন বিষয়াক বদলি আন আকৌ কৰোবাত এটা ৰেঞ্জ অফিচতে ২ জন বিষয়াক নিযুক্ত তাক লৈ বিপাঙত এতিয়া একাংশ বন বিষয়া।
ইফালে একমাহ পূৰ্বে ধুবুৰীত প্ৰটেকশ্যন ৰেঞ্জা হিচাপে কৰ্মৰত থকা প্ৰয়াত
বিনোদ কুমাৰ নাথৰ মৃতদেহ উদ্ধাৰ হৈছিল চৰকাৰী আবাসগৃহত চিপ লোৱা অৱস্থাত।

য’ত বিষয়া জন আত্মহত্যা  হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছিল।
কিন্তু বিভাগটো এজন বন বিষয়া মৃত্যু হোৱা এটা মাহ পিছতো বন বিভাগৰ কাৰ্যালয়ত তথ্য নথকা ঘটনাই বন বিভাগৰ ফোপোলা স্বৰূপটো উদঙাই দিছে।

উল্লেখযোগ্য যে বৃস্হপতিবাৰে প্ৰকাশ পোৱা বদলি নিৰ্দেশনাত প্ৰয়াত বিনোদ নাথক ধেমাজি বন সংমণ্ডলৈ নিৰ্দেশ দিয়া বুলি তালিকাত উল্লেখ আছে।

যিটো ঘটনা এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

 বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বন বিভাগত ঘটিছে কি ?  খবৰ ৰাখে নে ?  বন মন্ত্ৰীয়ে ? সেইটো হে এতিয়া লাখ টকীয়া প্ৰশ্ন ৰাইজৰ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.