চিমলাত উজলিল টীয়কৰ নৃত্যাঞ্জলী

Sharing is caring!

চিমলাত উজলিল টীয়কৰ নৃত্যাঞ্জলী


  অসম খবৰ টীয়কৰ পৰা অঞ্জন প্ৰকাশ ২৯ জুলাই::

দেশৰ ২৫ খন ৰাজ্যৰ সাংস্কৃতিক দলে অংশ গ্ৰহণ কৰা হিমাচল প্ৰদেশৰ চিমলাত অনুষ্ঠিত হোৱা “ধৰোহৰ মহোৎসব-২০১৮” ত অংশগ্ৰহণ কৰি যোৰহাট জিলা টীয়কৰ নৃত্যাঞ্জলি একাডেমীয়ে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ।১৭ জুলাইৰ পৰা ১৯ জুলাইলৈকে অনুষ্ঠিত হোৱা এই মহোৎসবৰ বিভিন্ন প্ৰতিযোগিতাৰ শিতানত অংশ গ্ৰহণ কৰি নৃত্যাঞ্জলিয়ে মুঠ ৩১ টা পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে পঞ্জাবৰ ষ্টেপ আপ দলে ২০টা পুৰস্কাৰ লাভেৰে দ্বিতীয় স্হান লাভ কৰিবলৈ সক্ষম হয় ।উল্লেখ্য এই মহোৎসবৰ সব্বোচ সন্মান ” কলা সংগম ” সন্মান ২০১৮-১৯বৰ্ষৰ বাবে প্ৰদান কৰা হয় নৃত্যাঞ্জলিৰ সঞ্চালক অভিজিত বৰুৱাক ।তদুপৰি মহোৎসবৰ শ্ৰেষ্ঠ কৰিঅ’গ্ৰাফাৰ সন্মান”নৃত্যাচাৰ্য”সন্মান প্ৰদান কৰা হয় নৃত্যাঞ্জলিৰ প্ৰশিক্ষক মাইনা ডেকাক ।আনদুগৰাকী নৃত্যাঞ্জলিৰ প্ৰশিক্ষক দিপাঙ্কৰ কোঁৱৰক “কলাকুঞ্জ”আৰু মৌচুমী মহন্তক”কলাপ্ৰভা” সন্মান প্ৰদান কৰা হয় ।নৃত্যাঞ্জলিৰ এই সফলতাত বিভিন্ন দল সংগঠনে শুভেচ্ছা জনাইছে ।

Related posts

Leave a Comment