মোছলেম উদ্দিন মণ্ডলৰ সংবাদমেল

Sharing is caring!

NRC চুড়ান্ত খচৰা প্ৰকাশকলৈ ইউ ডি এছ এফৰ কেন্দ্ৰীয় সাধাৰণ   

 সম্পাদক মোছলেম উদ্দিন মণ্ডলৰ সংবাদ মেল

অসম খবৰ বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপোৰ্ট , ৩০ জুলাই:-

শেহতীয়াকৈ এন আৰ চি চুড়ান্ত খচৰা প্ৰকাশ সম্পৰ্কে বিলাসীপাৰাত সংবাদ মেল অনুষ্ঠিত কৰি ইউ ডি এছ এফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মোছলেম উদ্দিন মণ্ডলে মহামান্য উচ্চতম ন্যায়ালয় আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এজনো বিদেশীৰ নাম এন আৰ চি অন্তৰ্ভুক্তি নোহোৱাকৈ আৰু ১৯৭১ চনৰ ২৫ মাৰ্চ মাজ ৰাতিৰ অসম চুক্তি সাপেক্ষে এজনো প্ৰকৃত ভাৰতীয় লোকৰ নাম বাদ নপৰে তাৰ বাবে আহ্বান জনায়। এই ক্ষেত্ৰত চৰকাৰৰ লগতে এন আৰ চি সমন্বয় প্ৰতিক হাজেলাক যিবিলাক ভাৰতীয় মানুহৰ নাম চুড়ান্ত খচৰাত প্ৰকাশ পোৱা নাই অনাগত দিনত তেওঁ লোকৰ নাম কোনো ধৰণৰ হাৰাশাস্তি নোহোৱাকৈ এখন নিৰপেক্ষ তথা শুদ্ধ এন আৰ চি প্ৰকাশ কৰা হয় আৰু এন আৰ চিক লৈ যাতে কোনো ৰাজনৈতিক দলে ৰাজনীতি নকৰে তাৰ বাবে ইউ ডি এছ এফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে অনুৰোধ জনায়। সম্পাদক গৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে প্ৰায় ৩৮ বছৰীযা নাগৰিকত্ব সমস্যা ৰাজনৈতিক লাভা লাভৰ বাবে কংগ্ৰেছ চৰকাৰে ইচ্ছাকৃত ভাৱে কৰা নাছিল। এখন শুদ্ধ এন আৰ চি উন্নীতকৰণৰ কাম চলি থকা অৱস্থাত কোনো উচটনি মুলক কথাত কান নিধিবলৈ জনসাধাৰণক আহ্বান জনায়। ইফালে নায়েৰ আলগা অঞ্চলৰ এন আৰ চি সেৱা কেন্দ্ৰ সমুহ শান্তি পূৰ্ণ ভাৱে ৰাইজে এন আৰ চি নাম চোৱা চিতা কৰে। কোনো ঠাইৰ পৰা কোনো অপ্ৰীতি ঘটনা সংঘটিত হোৱা নাই বুলি নায়েৰ আলগা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

Related posts

Leave a Comment