৮৫৫ গৰাকী শ্বহীদৰ আত্মবলিদানৰ প্ৰতীক “ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী”

Sharing is caring!

অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ আত্মবলিদানৰ প্ৰতীক

স্বৰূপ

“ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী”

বৰ্ণালী কলিতা,গুৱাহাটী

১৯৭৯-১৯৮৫ চন। অসমৰ বুৰঞ্জীৰ এক অৱৰ্ণনীয় তথা ঐতিহাসিক ঘটনা ৰূপে বিবেচিত। এই সময়ছোৱাতে অসমে নিজৰ ভাষা, অস্তিত্বৰ বাবে যুঁজ দিছিল। আৰম্ভ হৈছিল এক অবিৰাম সংগ্ৰামৰ যাত্ৰা।

প্ৰতিজন অসমীয়াই জপিয়াই পৰিছিল এই যাত্ৰাত। বিদেশীমুক্ত অসম বিচাৰি শ-শ ডেকাই আগবাঢ়ি আহিছিল । বহুজন চফল ডেকাই প্ৰাণ আহুতি দিবলগা হয় এই সংগ্ৰামত । জাতি-মাটি আৰু ভেটিৰ ৰক্ষাৰ বাবে ৮৫৫ জন অসমীয়াই হাঁহি-হাঁহি বুকু পাতি লৈছিল আৰক্ষীৰ গুলী।

১৯৭৯ চনৰ ৯ ডিচেম্বৰ তাৰিখে অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে ৮৫৫ জন শ্বহীদক আজিৰ ঐতিহাসিক দিনটোত শ্ৰদ্ধাৰে সুৱৰিছোঁ। ৮৫৫ গৰাকী বীৰ শ্বহীদৰ আত্মবলিদানৰ বিনিময়ত আজিৰ অসমীয়াই সুদীৰ্ঘ ৩৮ বছৰৰ অন্তন “ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী”ৰ মুখ দেখা পালে।

বীৰ তোমালৈ শত-শত প্ৰণাম যাচিলোঁ। লগতে মাহামান্য উচ্চতম ন্যায়লয় তথা অসমৰ জাতীয় দল-সংগঠন সমূহলৈও অসম খবৰ পৰিয়ালৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনালোঁ।

Related posts

Leave a Comment