নাগৰিকপঞ্জী চূড়ান্ত তালিকাত নাম নথকাৰ বাবে কান্দোনত ভাগি পৰিল এগৰাকী মহিলা

Sharing is caring!

সদ্যপ্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চূড়ান্ত তালিকাত নাম

নথকাৰ বাবে কান্দোনত ভাগি পৰিল এগৰাকী মহিলা

◆ নাম বাদ পৰিলেও সংকীট হোৱাৰ প্ৰয়োজন নাই…

অসম খবৰ @গুৱাহাটী,৩০ জুলাই: এন আৰ চি পূৰ্ণাঙ্গ খচৰা তালিকা নাম প্ৰকাশ নোহোৱাৰ বাবে এগৰাকী মহিলাই কান্দোনত ভাগি পৰিল । আজি প্ৰকাশ পালে এন. আৰ.চিৰ সম্পূৰ্ণ খচৰা তালিকা। তালিকাখনক লৈ বহুতৰ মুখত হাঁহি বিৰিঙিল যদিও আকৌ বহুতৰ চকুত চকুলো দেখা পোৱা গ’ল। আমি দেখুৱাব খোজা এইগৰাকী মহিলা এন আৰ চিত নাম নাহিল । পুৱাই এন আৰ চিৰ কেন্দ্ৰ গৈ দেখা নাপালে নিজৰ নামটো । মহিলা গৰাকী অভিযোগ কৰে সম্পূৰ্ণ তথ্য পাতি জমা দিয়া পিচতো নিজৰ নাম এন আৰ চিত নাহিল তাকে লৈ ভাগি পৰে মহিলাগৰাকী । 

এন. আৰ. চি. কৰ্তৃপক্ষই সকলোলৈকে আহ্বান জনাইছে যে যদি কোনো লোকৰ চূড়ান্ত তালিকাত নাম সন্নিবিষ্ট হোৱা নাই সেইসকল লোকে কোনো কাৰণতে সংকীত হোৱাৰ কাৰণ নাই। পৰৱৰ্তী সময়ত পুনঃপৰীক্ষণ প্ৰক্ৰিয়াৰে তেওঁলোকক সেৱাকেন্দ্ৰলৈ নিমন্ত্ৰণ জনোৱা হ’ব । লগতে যদি তেওঁলোকক অন্য লোকে নাম নথকাৰ বাবে হাৰাশাস্তি কৰে তাৎক্ষণিক ভাৱে প্ৰশাসনৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰিব ।

Related posts

Leave a Comment