খৰাং বতৰে চিৰাল ফাঁট মেলিছে কোকিলাৰ খেতি পথাৰ

Sharing is caring!

খৰাং বতৰে চিৰাল ফাঁট মেলিছে কোকিলাৰ খেতি পথাৰ

         খবৰ লবলৈ আহৰি নাই কৃষি বিভাগৰ

 

অসম খবৰ  বঙাইগাঁওৰ পৰা ইয়াছিন আলী  ১ আগষ্টঃ

ঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ কোকিলা অঞ্চলত শালিখেতিত পানীৰ অভাৱত চিৰাল ফাট মেলিছে বুলি জানিব পৰা গৈছে।  কিছু খেতি মৰহি যাওঁ যাওঁ অৱস্থা । চৰকাৰী সা-সুৱিধা নোহোৱাকৈ মূৰৰ ঘাম মাটিত পেলাই জাকত জিলিকা কৈ গঢ়ি তোলা শালিখেতিত মৰহি যাব ধৰাত কৃষকে মূৰে কপালে হাত দিবলগীয়া হৈছে। অঞ্চলটোৰ ৰাইজে একমাত্ৰ বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি বছৰ বছৰ ধৰি খেতি কৰি আছে যদিও এইবাৰ বৰষুণ নোহোৱাত কৃষকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। অতিকৈ কৃষি প্ৰধান অঞ্চল কোকিলা, চাকলা, শৌলমাৰী নাম্বাৰপাৰা, বাংলাপাৰা আদি কৰি অঞ্চলস্ত ৰাইজে বৰষুণ নোহোৱাৰ বাবে চিন্তিত হৈ পৰিছে।  খেতি পথাৰত পানী যোগান ধৰাৰ বাবে কোনো সুবিধা চৰকাৰৰ ফালৰ পৰা নোপোৱাৰ বাবে ক্ষোভিত হৈ পৰিছে ৰাইজ। বৃহত্তৰ অঞ্চলটোত হাজাৰ হাজাৰ বিঘা বিভিন্ন ধৰণৰ খেতি বাতি কৰি আহিছে।  আনকি খেতি বাতি কৰি বিভিন্ন পৰ্যায়ৰ পুৰস্কাৰ প্ৰাপ্ত কৃষকো এই অঞ্চলত আছে। শীঘ্ৰে চৰকাৰ তথা বিয়াগোম কৃক্ষিবিভাগে কোকিলা অন্চলৰ পথাৰত পানী দিয়াৰ ব্যৱস্থা নকৰিলে কৃষকৰ অৱস্থা পানীত হাঁহ নচৰা হব বুলি মন্তব্য কৰে স্থানীয় কৃষক সকলে ।  সেয়ে চৰকাৰ তথা বিভাগীয় বিষয়া সকলোক অতিশীঘ্ৰে বৃহত্তৰ কোকিলা অঞ্চলত খেতি পথাৰত পানী যোগান ধৰাৰ ব্যৱস্থা কৰাৰ বাবে বিনম্ৰ অনুৰোধ জনাইছে।

Related posts

Leave a Comment