শৌলমাৰীত বাঁহেৰে নিৰ্মাণ কৰে শৰাইঘাট সদৃশ দুখলপীয়া দলং

Sharing is caring!

 শৌলমাৰীত বাঁহেৰে নিৰ্মাণ কৰে শৰাইঘাট সদৃশ                              দুখলপীয়া দলং

অসম খবৰ বঙাইগাঁওৰ পৰা ইয়াছিন আলী  ১ আগষ্টঃ

এয়া শৰাইঘাট, বগীবিল, নৰনাৰায়ণ সেতু নহয় এয়া হৈছে বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত শৌলমাৰী গাঁৱৰ ৰাইজে বাঁহেৰে নিৰ্মিত দুখলপীয়া সাকৌঃ বহু বছৰ আগৰে পৰাই স্থানীয় ৰাইজৰ দান বৰঙণিৰে সাজি আহিছে সাকৌ খন । দলং খন নিৰ্মাণ কৰোতে অতি কমেও ১ৰ পৰা ১.৫ লাখ টকা খৰছ কৰিব লগা হয় প্ৰতি বছৰে । যি টকা স্থানীয় ৰাইজেই ভৰিব লাগে। নিৰ্বাচনৰ সময়ত সকলো দলৰ নেতা পালিনেতাই আহি প্ৰতিশ্ৰুতি দি যায় কিন্তু খবৰ নাথাকে নিৰ্বাচনৰ পিছত। কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত সুদৃষ্টি নপৰিল গাওঁ খনৰ ওপৰত। বৰ্ত্তমান বিধায়ক আব্দুল হাই নাগৰিক বাৰম্বাৰ অৱগত কৰা হয় যদি কাণ থিয় দি নুশুনে ৰাইজৰ বিননি । বহু বাৰ আবেদন নিবেদন কৰাৰ পিছতো কোনো সুফল পোৱা নাই অঞ্চলস্ত গঞাই ।বৰ্তমান প্ৰাক্তন বিধায়ক ভূপেন ৰায় একেৰাহে ২০ বছৰ বিধায়ক নিৰ্বাচিত হৈ আছিল এইখন সমষ্টিৰ পৰা। তেখেতকো অৱগত কৰা হৈছিল যদিওঁ সূদীৰ্ঘ ২০ টা বছৰ হব বাৰু, ছাম বাৰু দিম বাৰু এই তিনিটা শব্দৰে পাৰ কৰিলে নিজৰ কাৰ্যকাল । দলং খনেৰে প্ৰতিদিনাই ৮/১০ খন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী লগতে ২৫/৩০ খন গাৱৰ ৰাইজ যাতায়ত কৰিব লগা হয়। বাৰিষা কালত পানীৰ সোঁতে ছিন্ন ভিন্ন কৰি পেলায় দলং। সেই সময়ত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে সমগ্ৰ অঞ্চলবাসী এক সংকট জনক অৱস্থাৰ সন্মূখীন হয়।কোনো জৰুৰী অৱস্থাত বৃহৎ সমস্যাৰ সন্মুখীন হয় স্থানীয় ৰাইজ।
সেয়ে পৰিৱৰ্তনৰ শ্লোগান দি চৰকাৰ গঠন কৰা বি জে পি চৰকাৰৰ তথা বিভাগীয় মন্ত্ৰীৰ সু দৃষ্টিৰ কামনা কৰিছে অঞ্চলস্থ ৰাইজে ।

Related posts

Leave a Comment