জামুগুৰিহাটৰ কৃষ্ণাজ্যোতি মহন্তৰ সাফল্য

Sharing is caring!

জামুগুৰিহাটৰ কৃষ্ণাজ্যোতি মহন্তৰ সাফল্য


অসম খবৰ জোন বৰা ,জামুগুৰিহাট,১ আগষ্ট:

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰীয়া মহাবিদ্যালয় যোৰহাটৰপৰা ২০১৫-১৮ বৰ্ষত কণ্ঠ সংগীত বিষয়ত স্নাতক পৰীক্ষাত জামুগুৰিহাটৰ কৃষ্ণাজ্যোতি মহন্তই সন্মানসহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷বৰগীত পৰিবেশনৰ জৰিয়তে ইতিমধ্যেই সমগ্ৰ জিলাখনতেই এক সুনাম ৰচিবলৈ সক্ষম হোৱা কৃষ্ণাজ্যোতি মহন্ত হ’ল জামুগুৰিহাটৰ চেচাসত্ৰ গাঁও নিৱাসী ভৱ গোস্বামী আৰু পাৰুল গোস্বামীৰ বোৱাৰী আৰু যোৰহাট নিবাসী জোৎস্না মহন্ত আৰু প্ৰয়াত গোবিন মহন্তৰ জীয়ৰি তথা সাৰঙ্গজ্যোতি গোস্বামীৰ পত্নী৷কৃষ্ণাজ্যোতিৰ এই ফলাফলে সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ সমগ্ৰ জামুগুৰিহাটবাসীক উৎফুল্লিত কৰি তুলিছে৷

Related posts

Leave a Comment