মেধাৱী ছাত্ৰক সহায়ৰ হাত চিকিৎসক ডাঃ কল্লোল ভূঞাৰ

Sharing is caring!

মেধাৱী ছাত্ৰ জ্ঞানদ্বীপক সহায়ৰ বাবে আগবাঢ়ি আহিছে

চিকিৎসক ডা.কল্লোল ভূঞা


সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৯১.৩ শতাংশ নম্বৰ লাভ কৰি বিজ্ঞান শাখাত উত্তীৰ্ণ হৈ বৰ্তমান ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত “অংক”ত মূখ্য বিষয় হিচাপে লৈ নামভৰ্তি কৰি শিক্ষাজীৱন আগবঢ়াই নিবলৈ গৈ আৰ্থিক দুৰৱস্থাৰ বাবেই গভীৰ অনিশ্চয়তাত পৰা জামুগুৰিহাটৰ ওপৰ টলকাবাৰী গাঁৱৰ কৃষক ধৰ্মেশ্বৰ বৰাৰ পুত্ৰ জ্ঞানদ্বীপ বৰাৰ বাতৰি কাকতত প্ৰকাশ পোৱাৰ পিছতেই অজস্ৰজন আগবাঢ়ি আহিছে দূৰ্ভগীয়া মেধাৱী ছাত্ৰজনক সহায়ৰ হাত আগবঢ়াবলৈ৷ইতিমধ্যে তেজপুৰস্থিত বে-চৰকাৰী স্বেচ্চাসেৱী সংগঠণ ৰক্তদাতা(এইচ.বি.এছ.);টেট শিক্ষক আশীষ প্ৰবাল হাজৰিকাকে ধৰি জামুগুৰিহাটৰ বহুকেইগৰাকী শুভাকাংক্ষীয়ে মেধাৱী দৰিদ্ৰ ছাত্ৰগৰাকীক আৰ্থিক সহায় আগবঢ়োৱাৰ পিছতেই আজি বিশ্বনাথ চাৰিআলিৰ বাসিন্দা তথা তেজপুৰত কৰ্মৰত সু চিকিৎসক তথা অস্থিৰোগ বিশেষজ্ঞ ডা.কল্লোল ভূঞাইও মেধাৱী ছাত্ৰগৰাকীক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে৷দৰিদ্ৰ মেধাৱী ছাত্ৰগৰাকীলৈ চিকিৎসকগৰাকীয়ে স্বেচ্চাসেৱী সংগঠণ ৰক্তদাতা(এইচ.বি.এছ.)ৰ সভানেত্ৰী গ্ৰীতিস্মিতা বসুমতাৰী আৰু সম্পাদক পৱণ কুমাৰ নাথৰ জৰিয়তে আজি ৫ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্যৰ চেক প্ৰদান কৰাৰ লগতে দৰিদ্ৰ মেধাৱী ছাত্ৰ গৰাকীয়ে ভৱিষ্যৎ দিনত “নেট” পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ যি সপোন পুহি ৰাখিছিলে,সেই সপোন বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত সকলোখিনি সহায় কৰাৰ দায়িত্বও গ্ৰহণ কৰে সু চিকিৎসক ডা.কল্লোল ভূঞাই৷এগৰাকী চিকিৎসক হৈ দৈনিক ব্যস্ততাৰ মাজতো এগৰাকী দৰিদ্ৰ মেধাৱী ছাত্ৰক এনেদৰে অধ্যয়নৰ ক্ষেত্ৰত উৎসাহ আৰু সহায়ৰ হাঁত আগবঢ়োৱাৰ বাবে চিকিৎসকগৰাকীৰ শলাগ লৈছে শুভাকাংক্ষী অঞ্চলটোৰ সচেতন ৰাইজে৷

Related posts

Leave a Comment