ৰক্তদাতা

   ৰক্তদানৰ জৰিয়তে প্ৰশংসা

      বুটলিবলৈ সক্ষম হৈছে

                ৰক্তদাতা

 দুবছৰত ২৭২০ বাৰ ৰক্তদান ৰক্তদাতাৰ সদস্যৰ

অসম খবৰ,জামুগুৰিহাট

জোন বৰা ,১ আগষ্ট :ছ’চিয়েল মিডিয়াৰ জৰিয়তে কেইজনমান সচেতন যুৱকৰ প্ৰচেষ্টাত ২০১৬ চনৰ ২ জুলাইত জন্মগ্ৰহণ কৰা ৰক্তদাতা(এইচ.বি.এছ) নামৰ স্বেচ্চাসেৱী সংগঠনটোৱে ৰক্তদানৰ জৰিয়তে সমগ্ৰ ৰাজ্যত এক আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷কোনো দৰিদ্ৰ ৰোগীৰ তেজৰ প্ৰয়োজন হ’লেই এই স্বেচ্চাসেৱী সংগঠনটোৰ লগত ৰোগীগৰাকীৰ পৰিয়ালৰ লোকে যোগাযোগ কৰিলেই তাৎক্ষণিকভাৱে সংগঠনটোৰ স্বেচ্চাসেৱকসকলৰ জৰিয়তে যোগাৰ কৰি দিয়ে প্ৰয়োজনীয় তেজ৷যাৰ জৰিয়তে তেজৰ বাবে হাহাকাৰ কৰি দালালৰ জৰিয়তে বৰ্ধিত মূল্যত ৰক্ত ক্ৰয় কৰা পৰম্পৰা ক্ৰমাৎ হ্ৰাস পাবলৈ সক্ষম হৈছে৷চলিত মাহৰ ২ জুলাইত সম্পূৰ্ণ দুটা বৰ্ষ অতিক্ৰম কৰা ৰক্তদাতা(এইচ.বি.এছ) নামৰ স্বেচ্চাসেৱী সংগঠনটোৱে তিনিহাজাৰ পাঁচশ গৰাকীৰো অধিক পঞ্জীয়ণভুক্ত ৰক্তদাতাৰ জৰিয়তে ৰাজ্যৰ ভিন্ন প্ৰান্তত ২৭২০ বাৰ ৰক্তদান কৰোৱাৰ লগতে ১১ টাৰো অধিক ৰক্তদান শিৱিৰ আৰু ৭ টাৰো অধিক বিনামুলীয়া স্বাস্থ্য শিৱিৰৰ আয়োজন কৰিছে৷ইয়াৰোপৰি বানপানীত ক্ষতিগ্ৰস্ত হোৱা ঠাইসমুহতো উপস্থিত হৈ ৰক্তদাতা গ্ৰুপৰ সদস্যসকলে বানপিড়িত লোকসকলক সাহাৰ্য্য প্ৰদান কৰাৰ লগতে বিগত সময়ত দুটাকৈ বানসাহাৰ্য্য শিৱিৰো অনুষ্ঠিত কৰাৰ উপৰিও বে-চৰকাৰী স্বেচ্চাসেৱী সংগঠনটোৱে মাজে সময়ে দৰিদ্ৰ কেবাগৰাকীও মেধাৱী ছাত্ৰ ছাত্ৰীলৈও আগবঢ়াইছে সহায়ৰ হাত৷সমগ্ৰ ৰাজ্যত পোন্ধৰ হাজাৰৰো অধিক সদস্যৰে গঠিত সু-সংগঠিত “ৰক্তদাতা” স্বেচ্চাসেৱী সংগঠনটোৰ ইতিবাচক কাৰ্য্যপন্থাই ইতিমধ্যে সকলোৰে প্ৰশংসা বুটলিবলৈও সক্ষম হৈছে৷ৰাইজৰ আশীৰ্বাদ লৈ বিগত দুটা বছৰে সমগ্ৰ ৰাজ্যতেই ৰক্তদানৰ উপৰিও অন্যান্য সামাজিক কাম কাজ কৰি আগুৱাই যোৱা সংগঠনটিৰ সভানেত্ৰী গ্ৰীতিস্মিতা বসুমতাৰী,উপ সভাপতি কৌস্তভ বৰা,সম্পাদক পৱন কুমাৰ নাথ আৰু সহকাৰী সাধাৰণ সম্পাদকদ্বয় ক্ৰমে হৰদ্বীপ চৌধাৰী আৰু ৰুম্পী হালদাৰে অনাগত দিনসমুহতো সকলো ৰাইজৰ আশীষ আৰু মৰম আকোৱালী লৈ নিজ লক্ষ্য আৰু উদ্দেশ্যত উপনিত হোৱাৰ বাবে সকলোৰে দিহা পৰামৰ্শও কামনা কৰিছে৷

Related posts

Leave a Comment