আজিৰে পৰা “বিশ্ব স্তনপান সপ্তাহ” পালন

Sharing is caring!

সপ্তাহজোৰা সচেতনতা বৃদ্ধিৰ অভিযানেৰে আজিৰে পৰা

“বিশ্ব স্তনপান সপ্তাহ” পালন


গুৱাহাটী, আগষ্ট-০১: “মাতৃদুগ্ধ”এটি শিশুৰ জন্মৰ পিছত জীৱনৰ প্ৰথমটো প্ৰাকৃতিক আহাৰ। সন্তান জন্মৰ পাছৰ পৰা আহাৰ হিচাপে এই দুগ্ধ এটি শিশুৰ বাবে অতি প্ৰয়োজনীয়। ইয়াত নৱজাতকৰ প্ৰয়োজনীয় পুষ্টি আৰু শক্তি অধিক মাত্ৰাত পোৱা যায়। মাতৃদুগ্ধত ৰোগ প্ৰতিৰোধক ক্ষমতাও বহু পৰিমাণে থাকে। মাতৃদুগ্ধই শিশুক ডায়েৰীয়া, নিউমোনিয়া আদি বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰাৰ লগতে শিশুৰ পৰিপুষ্টিত সহায় কৰে। মাতৃদুগ্ধৰ দ্বাৰা এটি শিশুৰ বোধশক্তি তথা চেতনাৰ বিকাশ ঘটে। সন্তান জন্মৰ ঠিক এঘণ্টাৰ ভিতৰত এগৰাকী মাতৃয়ে স্তনপান কৰোৱাটো বাঞ্ছনীয়। সন্তানৰ ৬ মাহ বয়স নোহোৱা পৰ্যন্ত কেৱল মাত্ৰ মাতৃদুগ্ধহে পান কৰাব লাগে। ৬ মাহলৈ অন্য কোনো ধৰণৰ পানীয়, সংশাধিত গাখীৰ বা কোনো ধৰণৰ খোৱা খাদ্য শিশুক আহাৰ হিচাপে দিব নালাগে। কেৱল মাত্ৰ মাতৃৰ স্তনপান হে কৰোৱা উচিত। লগতে ৬ মাহৰ পৰা শিশুক ৩ বছৰ বয়স পৰ্যন্ত অন্য সুষম আহাৰৰ লগত নিয়মীয়াকৈ স্তনপান কৰাব লাগে। স্তনপান পৰিৱেশৰ দিশৰ ফালৰ পৰাও অতি উত্তম। উল্লেখ যে, মাতৃদুগ্ধ শিশুৰ বাবে অমৃত সদৃশ। তদুপৰি স্তনপানৰ জৰিয়তে মাতৃগৰাকীৰো স্বাস্থ্য ভালে থাকে। লক্ষণীয় যে, স্তনপানে দুটি সন্তানৰ মাজত জন্মৰ ব্যৱধান বৃদ্ধি কৰাত বহুখিনি সহায় কৰাৰ লগতে মাতৃৰ জৰায়ু আৰু স্তনৰ কৰ্কট(কেঞ্চাৰ)ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। ১-৭আগষ্ট ২০১৮ “বিশ্ব স্তনপান সপ্তাহ”ৰ মাধ্যমেৰে মাতৃদুগ্ধৰ উপকাৰীতা আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে বহল ভাৱে প্ৰচাৰৰ উদ্দেশ্যে “ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান”(নেচনেল হেলথ মিছন)ৰ দ্বাৰা এক সচেতনতা বৃদ্ধিৰ প্ৰয়াস।

Related posts

Leave a Comment