মেৰামতি নহ’ল জৰাজীৰ্ণ পথ

Sharing is caring!

   মেৰামতি নহ’ল জৰাজীৰ্ণ পথ

অসম খবৰ মৰাণৰ পৰা কুশল ভূঞা ০১ আগষ্ট,

ডিব্ৰুগড় জিলা ১১৫ নং মৰাণ সমষ্টিৰ অন্তৰ্গত নাহৰণি পঞ্চায়তৰ অন্তৰ্ভুক্ত ডিমৌ কিনাৰ বঙালী গাঁও চাৰি আলি পৰা লুকূমাই তিনি আলি স‍ংযোগী মূল পথছোৱা অৱস্থা অতি শোচনীয় হৈ পৰিছে। এজাক বৰষুণৰ ফলত পথটোৰ অৱস্থাত ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছে। উল্লেখযোগ্য যে এই অঞ্চলৰ বিদ্যালয় , মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে সকলো পথচাৰী বিপদ সংকোল ভাৱে যাতায়ত কৰিব লগা হৈছে। সততে পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰ খনৰ ওপৰত ৰাইজে আস্থা হেৰুৱাই পেলাইছে।
উল্লেখযোগ্য যে স্থানীয় বিধায়ক মহোদয়ক বাৰম্বাৰ আৱেদন নিবেদন কৰিছে যদিও প্ৰতিশ্ৰুতি বাহিৰে একো ব্যৱস্থা আজি পৰ্যন্ত কৰা দেখা নগ’ল বুলি সচেতন মহলে জানিবলৈ দিছে।
আগন্তুক দিনত পথটোৰ ওপৰত সুব্যৱস্থা ল’বলৈ বিভাগীয় কতৃপক্ষ লগতে স্থানীয় বিধায়ক মহোদয়ক স্থানীয় ৰাইজে দাবী জনাইছে।

Related posts

Leave a Comment