নগাঁৱত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা

Sharing is caring!

নগাঁৱত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা

বেনাৰ্জীৰ প্ৰতিকৃতি দাহ হিন্দু বেঙ্গলী

                 নাগৰিক মঞ্চৰ

 

অসম খবৰ  নগাওঁ ০২ আগষ্ট,

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকলৈ
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰা ভিত্তিহীন আৰু উচতনিমূলক মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি হিন্দু-বেঙ্গলী নাগৰিক মঞ্চই নগাঁও কলেজৰ চাৰিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মমতাৰ প্ৰতিকৃতি দাহ কৰে ৷
অসমীয়া-বেঙ্গলীৰ মাজৰ বিভেদ সৃষ্টি কৰাৰ চেষ্টা নকৰিবলৈকো মমতা বেনাৰ্জীক সকিয়াই দিয়ে সংগঠনটোৱে। উল্লেখ্য যে, সৰ্বসন্মত অসম চুক্তিৰ আধাৰত, চুক্তি স্বাক্ষৰিত হোৱাৰ ৩২ বছৰ পিছত উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত খচৰাক অসমত বিভিন্নজনে আদৰণি জনোৱাৰ বিপৰীতে প্ৰকাশৰ মুহূৰ্ততে খচৰাখনক কাৰ্যতঃ নস্যাৎ কৰি এন আৰ চিয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰা বুলি দাবী কৰিছিল পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

Related posts

One Thought to “নগাঁৱত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা”

Leave a Comment