ৰাণীগঞ্জ ফলক বিহীন পি এম জি পকী ৰাস্তা নিৰ্মাণ

Sharing is caring!

ৰাণীগঞ্জ ফলক বিহীন পি এম জি পকী ৰাস্তা নিৰ্মাণ
     ঠিকাদাৰৰ ব্যাপক দুৰ্নীতি
                        তদন্তৰ দাবী ৰাইজৰ

  অসম খবৰ   বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম

    ২ আগষ্ট:-
পৰিৱৰ্তনৰ নামত কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি নেতৃতাধীন চৰকাৰ গঠন
কৰিছে যদিও সেয়া ফুটুকাৰ ফেনৰ পৰিনত হৈ পৰিছে। তাৰ জলন্ত প্ৰমাণ
ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ মহামায়া উন্নয়ন খণ্ডৰ অন্তৰ্গত
ৰানীগঞ্জ কছলাটাৰী পি এম জি আঁচনিৰ নিৰ্মাণ কৰি থকা পকী ৰাস্তা। চৰকাৰী
নিয়ম অনুসৰি যিকোনো আঁচনিৰ কাম কৰিবলৈ হ’লে আগতে ফলক আঁৰি থব
লাগে। তাৰ পিছত কাম কৰিব ল’গা হয়। কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত দৃশ্য

ৰানীগঞ্জ কছলাটাৰী পি এম জি ৰাস্তা নিৰ্মাণ কৰি থকা কাম। সাহাজুল নামৰ
ঠিকাদাৰ গৰাকীয়ে ৰাইজৰ চকুত ধূলি দি মোটা অংকৰ টকা আত্মসাৎ কৰাৰ
ফন্দিৰে ফলক বিহীন ভাবে ডুপ্লিকেট বালা পাথৰ ব্যৱহাৰ কৰি ৰাস্তা নিৰ্মাণ
কৰি থকা হৈছে। ৰাস্তাৰ কাম নিম্ন মান কাম হোৱাৰ ভাৱে ৰাস্তাৰ কাষৰে বৈ
যোৱা নদীত ৰাস্তাৰ কিছু অংশ খহাই নিছে।এই ক্ষেত্ৰত স্থানীয় ৰাইজে ৰাস্তা
নিৰ্মাণ কৰি থকা কাম বাধা প্ৰদান কৰে যদিও ঠিকাদাৰ গৰাকীয়ে সাংগ পাংগ
লৈ একাংশ ৰাইজৰ ঘৰে ঘৰে গৈ নানা ভয় ভীতি দেখুওৱাই।ইয়াৰ উপৰিও
কেইবা গৰাকী ৰাইজৰ নামত ৰাণীগঞ্জ থানায় মিছা এজাহাৰ দাখিল কৰে।
এজাহাৰ ভিত্তিক থানাৰ পুলিচে উক্ত গাঁৱত আহি পুৰুষ মহিলাক নানা অকৰ্থ্য
ভাষাৰে গালি গালাজ কৰে। এনে পৰিপ্ৰেক্ষিতত জাঙুৰ উঠিছে ৰাইজে।
বিভাগীয় কতৃপক্ষই যাতে তদন্ত মূলে ঠিকাদাৰ গৰাকীৰ বিহিত ব্যৱস্থা গ্ৰহণৰ
দাবী জনাইছে ৰাইজে। নহ’লে গণতান্ত্ৰিক ভাৱে আন্দোলন গঢ়ি তুলিব বুলি
সকিয়াই দিয়ে।

 

Related posts

Leave a Comment