কুমাৰীকাটাৰ কাউলিত ১৫৮ তম ৰবীন্দ্ৰ জয়ন্তী পালন

Sharing is caring!

কুমাৰীকাটাৰ কাউলিত ১৫৮ তম ৰবীন্দ্ৰ জয়ন্তী পালন

অসম খবৰ, কুমাৰীকাটাৰ পৰা ধীৰজ উপাধ্যায়ৰ প্ৰতিবেদন, ৯ মে:

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা কাউলিৰ কবিগুৰু সংগীত বিদ্যালয়ৰ উদ্যোগত আজি দিনজোৰা কার্যসূচীৰে কবিগুৰু ৰবীন্দ্ৰ বিদ্যালয়ৰ প্ৰাংগণত ১৫৮ তম কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ জন্মজয়ন্তী পালন কৰা হয়। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা কবিগুৰু সংগীত বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ দ্বাৰা এক চাফাই অভিযান কৰি পতাকা উত্তোলন কৰা হয়।
এদিনীয়া বৰ্ণাধ্য কাৰ্যক্ৰমনিকাৰে অনুষ্ঠিত কৰা আজিৰ অনুষ্ঠানত তবলা বাদক,শাস্ত্ৰীয় সংগীত,আৰু আধুনিক গীত প্ৰতিযোগিতা অনুষ্ঠিত হয় ।
ইয়াৰ পিছতে আৰম্ভ হয়  মুকলি সভা। সভাৰ আৰম্ভণিতে ৰবীন্দ্ৰ নাথ ঠাকুৰৰ প্ৰতিচ্ছবিত মাল্যাপন অৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰা পাছত সমবেত সংগীতিৰে আজিৰ মুকলি সভা আৰম্ভ কৰা হয়। সভাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজ আৰু স্থানীয় শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়ত্ৰী লগতে ছাত্ৰ-ছাত্ৰী, সমাজ কৰ্মী আৰু যুৱ চাম ও উপস্হিত থাকে। সভাৰ শেষত স্থানীয় ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰি আজিৰ সভা সমাপন কৰা হয়।লগতে, কাৰ্যসূচী অনুসৰি আকৌ সন্ধিয়া ৮ বজাৰ পৰা স্থানীয় শিল্পীৰ দ্বাৰা এক সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হৈছে।

Related posts