Sharing is caring!

shares

উত্তৰ পূব ভাৰত মাণ্ডলীক টাইকোৱানডোৰ সফল সমাপ্তি

 

অসম খবৰ বিশ্বনাথ চাৰিআলি ৪ আগষ্ট -:

উত্তৰ পূব ভাৰত মাণ্ডলীক টাইকোৱানডো প্ৰতিযোগিতা জৱাহৰ নবোদয় বিদ্যালয় শোনিতপুৰ, বিশ্বনাথত ১, ২ আৰু ৩ আগষ্টতলৈকে অনুষ্ঠিত হৈ যায় ৷ উক্ত খেল খনত উত্তৰ পূৰ্বঞ্চলৰ অসম মেঘালয় আৰু মনিপুৰকে ধৰি মুঠ ৯৫ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ এই প্ৰতিযোগিতা খন উদ্বোধন কৰে বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰ সভাপতি দিব্যজ্যোতি বৰুৱাই ৷

খেলখনি সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে সহায় সহযোগিতা কৰে বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰ সম্পাদক তথা চেম্পিয়নছ মেকাৰ একাদেমীৰ সঞ্চালক হৃদয়ানন্দ দাসে ৷ বিশ্বনাথ নবোদয় বিদ্যালয়ৰ অধক্ষ্য কে এম শশী য়ে জানিবলৈ দিয়ে যে আগন্তুক অক্টোবৰ ২৫, ২৬ আৰু ২৭ ত অনুস্থিত হবলগীয়া নবোদয় ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতা খনি বিশ্বনাথ জিলাৰ নবোদয় বিদ্যালয়ত অনুষ্ঠিত হ’ব ৷

উক্ত প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱা ৩৪ জন প্ৰতিযোগীৰ ভিতৰত বিশ্বনাথ নবোদয়ৰ ১০ জনে স্হান লাভ কৰে ৷ স্হান লাভ কৰা কেইজন ক্ৰমে ১৪ বছৰৰ অনুৰ্ধৰ ল’ৰাৰ মনিকুন্টল লুইতেল ২৯ কেজি, ছোৱালীৰ দিকশীতা বৰুৱা ২৯ কেজি, বিস্মিতা বাঢ়ৈ ৩২ কেজি, ১৭ বছৰৰ অনুৰ্ধৰ ল’ৰাৰ জেমচন শইকীয়া ৫১ কেজি, নিলোতপল হাজৰীকা, ছোৱালীৰ কাছমিৰী শইকীয়া ৪৯ কেজি, ইশামনী মেধী ৫৫ কেজি, নিকিতা নৰহ ৫৯ কেজি, ১৯ বছৰৰ অনুৰ্ধৰ ছোৱালীৰ প্ৰতিক্ষা দত্ত ৫৩ কেজি আৰু ৰিজা বসুমতাৰী ৫৭ কেজি ৷

NEWS Post Views : 183
shares
error: Content is protected !!