ধাৰাসাৰ বৰষুণৰ ফলত কেৰালাত বানঃ পূৰ্ণ গতিত সাহায্য আৰু উদ্ধাৰ অভিযান; মৃত্যুৰ সংখ্যা ২৭লৈ বৃদ্ধি; কেন্দ্ৰীয় চৰকাৰৰ সকলো সহায়ৰ আশ্বাস

■ ধাৰাসাৰ বৰষুণৰ ফলস্বৰূপে কেৰালাত সৃষ্টি হৈছে অভাৱনীয় বান পৰিস্থিতি। বানত মাটি-বাৰী সকলো উটি যোৱাৰ লগতে সন্ধানহীন আৰু মৃত্যু মুখত পৰিছে বহুজন। বৰ্তমান কেৰালাত সাহায্য আৰু উদ্ধাৰ অভিযান পূৰ্ণ গতিত চলি আছে। ৰাজ্যখনত বৰষুণ সম্পৰ্কীয় ঘটনাত নিহতৰ সংখ্যা ২৭ জনলৈ বৃদ্ধি পাইছে।

ভূমিস্খলন আৰু বানপানীৰ ফলত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হোৱা কোট্টায়াম, ইডুক্কি আৰু পাথানামথিট্টা জিলাত উদ্ধাৰ আৰু সাহায্য অভিযান যুদ্ধকালীন অৱস্থাত চলি আছে। ইডুক্কি জিলাৰ কোক্কায়াৰত মুটলিপল ভূমিস্খলনত সন্ধানহীন লোকৰ সন্ধান অভিযান অব্যাহত আছে। যিহেতু নদীবোৰৰ জলস্তৰ বাঢ়ি আছে, আজি পুৱা ইডুক্কি আৰু এডামালায়াৰ বান্ধৰ শ্বাটাৰ খুলি দিয়া হ’ব।

নদীৰ পাৰত বাস কৰা লোকসকলৰ বাবে বিশেষ হাই এলাৰ্ট জাৰি কৰা হৈছে। চলিত মাহৰ ২১ আৰু ২৩ তাৰিখে অনুষ্ঠিত হ’বলগীয়া কেৰালা পিএছচি পৰীক্ষা ধাৰাষাৰ বৰষুণৰ বাবে পিছুৱাই দিয়া হৈছে। ৰাজ্যখনৰ মহাবিদ্যালয়সমূহ খোলা কথাটো এই মাহৰ ২৫ তাৰিখলৈ পিছুৱাই দিয়া হয়। ইফালে, বতৰ বিভাগে আজি কম বৰষুণৰ আগজাননী দিছে, কিন্তু বুধবাৰৰ পৰা বৰষুণ তীব্ৰতৰ হোৱাৰো সম্ভাৱনা আছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.