দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ত অনুষ্ঠিত বিজ্ঞান প্ৰদৰ্শনী প্ৰতিযোগিতা

Sharing is caring!

দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ত অনুষ্ঠিত বিজ্ঞান প্ৰদৰ্শনী

প্ৰতিযোগিতা


গুৱাহাটী মহানগৰীৰ পশ্চিম সমষ্টিৰ অন্তৰ্গত দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ত শনিবাৰে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় এক বিজ্ঞান প্ৰদৰ্শনী প্ৰতিযোগিতাৰ। অনুষ্ঠানটোত বিদ্যালয়ৰ অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিজ্ঞানৰ প্ৰতি আকৰ্ষণ আৰু সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় এই প্ৰদৰ্শনীখন। ২০০০ চনতে প্ৰতিষ্ঠিত দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ত প্ৰতি বছৰে ২৮ ফেব্ৰুৱাৰীৰ দিনটো বিজ্ঞান দিৱস উদযাপনৰ অংশ হিচাপে ৪ আগষ্ট তাৰিখে শনিবাৰে বিজ্ঞান প্ৰদৰ্শনী কাৰ্যসূচীটো অনুষ্ঠিত কৰা হয়।

বিদ্যালয়খনৰ বিজ্ঞান বিভাগৰ শিক্ষক হেমেন বৈশ্যৰ তত্বাৱধানতে প্ৰায় ১৫০ টা মডেল ছাত্ৰ-ছাত্ৰীসকলে প্রদর্শন কৰে। প্ৰদৰ্শীত মডেলসমূৰ ভিতৰত বিদ্যুতৰ সহায়ত নিৰ্মাণ কৰা ব্যৱহাৰিক মডেল, প্ৰদূষণমুক্ত বিকশিত চহৰ, বায়ু শক্তি, সৌৰ শক্তি আদি বিকল্প শক্তিৰে চলিত মডেল লগতে, বানপানীৰ আগজাননী, বন্যপ্ৰাণীৰ সুৰক্ষা আদি বিভিন্ন দিশসমূহ সামৰিলৈ মডেলসমূহ নিৰ্মাণ কৰা হয়।

বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা নিৰ্মিত প্ৰতিটো মডেলৰে বুজ লোৱাৰ লগতে তেওঁলোকৰ মাজত উৎসাহ জগাই তোলা দেখা যায়। প্ৰদৰ্শনীখনৰ সম্পৰ্কত বিদ্যালয়খনৰ প্ৰতিস্থাপন সভাপতি শ্ৰী সুশীল চন্দ্ৰ বৰঠাকুৰৰ ভাষ্য অনুসৰি বিগত ১৫ বছৰ ধৰি এই বিজ্ঞান প্ৰদৰ্শনীখন অনুষ্ঠিত কৰি অহা হৈছে।

বিজ্ঞানৰ প্ৰতি ছাত্ৰ-ছাত্ৰী সকলৰ আগ্ৰহী কৰাৰ লগতে তেওঁলোকৰ চিন্তা-চৰ্চা সমূহ বৈজ্ঞানিক মানসিকতাৰে সমৃদ্ধ হয় এই উদ্দেশ্যসমূহ আগত ৰাখিয়েই অনুষ্ঠিত কৰা হয় প্ৰতিবছৰে এই বিজ্ঞান প্ৰদৰ্শনী প্ৰতিযোগিতা খন।

ইয়াৰ লগতে উপদেষ্টা গৰাকীয়ে বিদ্যালয়খনে গ্রহণ কৰি অহা বিভিন্ন শৈক্ষিক পাঠ্যক্ৰম বৰ্হিভূত কাৰ্য্যসূচীৰো বাখ্যা কৰা পৰিলক্ষিত হয়।

Related posts

Leave a Comment