প্ৰতিভাৰ সন্ধান বিচাৰি অসম খবৰৰ আৱিস্কাৰ 

Sharing is caring!

প্ৰতিভাৰ সন্ধান বিচাৰি অসম খবৰৰ আৱিস্কাৰ                            প্ৰথম খণ্ড

অসম খবৰ  কোকিলাৰ পৰা ইয়াছিন আলী  ৪ আগষ্টঃ

বঙাইগাঁও জিলাৰ চাকলা প্ৰথম খণ্ডৰ ৰুহুল আমিনৰ পুত্ৰ জাহিৰ খানৰ হাতৰ পৰশত জিলিকি উঠে মহৎ মহৎ ব্যক্তিসকল ছবি, বিভিন্ন জীৱ জন্তু, চৰাই চিৰিকটি। অষ্টম শ্ৰেণীত অধ্যয়ন কৰা জাহিৰ খান গৰমৰ বন্ধৰ সময় খিনি অপচয় নকৰি বিভিন্ন কলা বিদ্যাত পাৰ কৰে। আচলতে এই বয়সৰ সকলোৱে বন্ধৰ সময় খিনি আলহীৰ ঘৰ, খেল ধেমালি আদি লৈ ব্যস্ত থকা দেখা যায়। ঠিক সেইসময়তে ব্যতিক্ৰমী ৰূপ দেখা গল জাহিৰ খানৰ মাজত। এই সময় খিনি জাহিৰ খানে কেনে দৰে পাৰ কৰে চাও আহক আমাৰ বঙাইগাঁওৰ কোকিলাৰ পৰা ইয়াছিন আলী প্ৰস্তুত কৰা এক প্ৰতিবেদন। জাহিৰ খানে এ ড০ পি জে আব্দুল, মহাত্মা গান্ধী, জ্যোতিপ্ৰসাদ আগৰৱালা আদি কৰি বহু কেইজন মহান ব্যক্তিৰ হুবহু ছবি ক্ষন্তেক সময়ৰ ভিতৰত অংকণ কৰিব পাৰে। জাহিৰ খান ইয়াৰ বাহিৰে দোতাৰা, যঁতৰো বনাব পাৰে কাঠেৰে। জাহিৰ খানে মাটিৰে গঁড়, ঘোৰা, হাতী, সহাপহু, আদি কৰি বহু কেইটা প্ৰাণী মাটিৰে সাজিব পাৰে। আৰু এটা আমোদজনক কথা হল যে জাহিৰ খান আপেল কাটি কাটিও কেইবাটা প্ৰাণীৰ সুন্দৰ ৰূপ দিব পাৰে। চাকলা দৰে এখন গাঁৱত বাস কৰা বহু প্ৰতিভাৱান জাহিৰ খানৰ প্ৰয়োজনীয় সুবিধা দিয়াত ব্যৰ্থ হৈছে পিতৃ-মাততৃ।


এক মাত্ৰ দৰিদ্ৰতাৰ বাবে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাত সমস্যাৰ সন্মুখীন জাহিৰ খান। এই ক্ষেত্ৰত যদি চৰকাৰ তথা কোনো দল সংগঠনৰ সহায়ৰ হাত পায় তেন্তে জাহিৰ খান এজন অসমৰ সু দক্ষ ব্যক্তি হব বুলি মন্তব্য কৰে স্থানীয় ৰাইজে ।

Related posts

Leave a Comment