গুৱাহাটী মহানগৰীৰত ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনা

Sharing is caring!

 

ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰত অব্যাহত

                      আছে যুৱতী তথা ছাত্ৰীক

                       যৌন নিৰ্যাতনৰ ঘটনা

  হাইদৰ আলী
গুৱাহাটী আজাৰা

ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰত অব্যাহত আছে যুৱতী তথা ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনা ।

এইবাৰ বৰঝাৰস্থিত SOS শিশু গাঁওৰ তিনি ছাত্ৰীক প্ৰতিষ্ঠান খন সহকাৰী পৰিচালকে যৌন নিৰ্যাতন চলাই ৰঙা ঘৰৰ আলহী হল। এক প্ৰতিবেদন।

 ৰাজ্য তথা মহানগৰীত বৰ্তমানও অব্যাহত আছে যৌন নিৰ্যাতনৰ ঘটনা । গুৱাহাটী মহানগৰীৰৰ বৰঝাৰস্থিত SOS শিশু গাঁওত যৌন নিৰ্যাতনৰ বলি হল তিনি ছাত্ৰী । সময়ৰ সুবিধা লৈ SOS শিশু গাঁওৰ সহকাৰী পৰিচালক মিষ্টাৰ লণ নামৰ ব্যক্তি জনে তিনি ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে আজাৰা আৰক্ষীয়ে ।

এই ঘটনা যোৱা 2 আগষ্টৰ। নিৰ্যাতিত তিনি ছাত্ৰীয়ে মিষ্টাৰ লনে যৌন নিৰ্যাতন চলোৱাৰ ঘটনা অৱগত কৰিছিল SOS শিশু গাঁওৰ কৰ্তৃপক্ষক ।

তাৰ পিছতে আজাৰা আৰক্ষী থানাত এজেহাৰ দাখিল কৰে উৎসা চাইল্ড ৰাইথ সন্থাই। এজেহাৰ ভিত্তিত আজাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে SOS শিশু গাওঁৰ সহকাৰী পৰিচালক মিষ্টাৰ লণক ।

বৰ্তমান লম্পত মিষ্টাৰ লণক আজাৰা আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰে ।

Related posts

Leave a Comment