শুৱালকুছিত মণ্ডল বিজেপি কাৰ্য্যালত মাৰ পিট-ঘটনাৰ প্ৰতিক্ৰিয়া 

Sharing is caring!

 

শুৱালকুছিত মণ্ডল বিজেপি কাৰ্য্যালত মাৰ পিট-ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্তিগত                                      সংঘাতক দলীয় সংঘাতলৈ ৰূপান্তৰ

    দাদালি ৰুপি বিজেপি নেতা  বীৰেশ্বৰ দাসৰ বিৰুদ্ধে অভিযোগ

এই বাৰ কংগ্ৰেছৰ দলৰ মাজত দলীয় সংঘাত নহয়, এই বাৰ দলীয় সংঘাত বিজেপি       দলৰ মজিয়াত  । কালি শুৱালকুছি বিজেপি দলৰ মাজত মাৰ পিট ঘটনাই সমগ্ৰ জালুকবাৰী সমষ্টিত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । জালুকবাৰী সমষ্টিৰ একাংশ দালালি ৰুপী বিজেপি নেতাৰ কৰ্ম কাণ্ডত দলটো মজিয়াত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । আন দিনা দৰেও কালি  শুৱালকুছি মণ্ডল বিজেপি কাৰ্য্যালয়ত একাংশ জ্যেষ্ঠ নেতাই দলীয় কাম- কাজ কৰি ঘৰলৈ আহিব সময়তে দলৰেই এজন তৃণমূল কৰ্মীয়ে দলটোৰ জ্যেষ্ঠ নেতা পুলকেন্দ্ৰ পাটোৱাৰীক বিভিন্ন ধৰণৰ প্ৰশ্ন বান কৰি অতিষ্ঠ কৰা লগতে ভয় ভাবুকি ও বিভিন্ন অশ্লীল ভাষাৰে বিজেপি দলটোক গালি গালাজ পৰা লগতে পাটোৱাৰীক আক্ৰমণ  কৰিবলৈ আৰম্ভ কৰে বিৰেশ্বৰ দাস নামৰ দালালি ৰুপী বিজেপি কৰ্মী জনে  অভিযোগ উঠিছে । বিৰেশ্বৰ দাসৰ এনে কৰ্ম কাণ্ডত অতিষ্ঠ হৈ দলৰ আন আন সদস্য সকলে বীৰেশ্বৰ দাসক এনে ব্যক্তিগত কাজিয়া কথা বতৰা ঘৰত আলোচনা কৰিব বুলি কোৱাত অগ্নি গৰ্ভ হৈ পৰে বিৰেশ্বৰ দাস নামৰ ব্যক্তি জন । তেনে সময়তে দাসে কয় তহত বিজেপি লিডাৰ উলাইছো মোক চিনি পোৱা নাই বুলি কৈ দলটোৰ শুৱালকুচি মণ্ডল বিজেপি ,পুলকেন্দ্ৰ পাটোৱাৰী, দিগন্ত দাস , ৰতন কলতাকে ধৰি আন আন কেবাজনো সদস্যক আক্ৰমণ কৰিবলৈ বুলি এডাল লাঠি আনি আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে বিৰেশ্বৰ দাসে ।  দাসৰ
আক্ৰমণৰ ফলত ৰতন কলিতা নামৰ বিজেপি কৰ্মী এজন গুৰুত্ব ভাৱে আঘাতপ্ৰাপ্ত হয় । তাৰ ওপৰিও দলটোৰ দিগন্ত দাস , পুলকেন্দ্ৰ পাটোৱাৰী কম বেছি পৰিমানে আহত হয় । ইফালে এই ঘটনাই সমগ্ৰ জালুকবাৰী সমষ্টিৰ বিজেপি দলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।
জানিব পৰা মতে শুৱালকুচি বিজেপি দলৰ বিৰেশ্বৰ দাস নামৰ বিজেপি কৰ্মী জন এজন প্ৰৱঞ্ছক হেনো বহু লোকৰ পৰা টকা ধাৰলৈ ঘুৰাই নিদি ৰাজহুৱা স্থান হওক বা দলীয় সভা হওক ধাৰ লোৱা ব্যক্তি সকলক আক্ৰমণ কৰি অহা এটা দীৰ্ঘদিনীয়া অভিযোগ বিৰেশ্বৰ দাসৰ বিৰুদ্ধে ।
টকা ধাৰ লৈ নিজৰ কাম হোৱা পিচত ধাৰ লোৱা টকা ঘুৰাই নিদিয়ে । ধাৰ লোৱা টকা বিচাৰিলে মোবাইল ত ভাবুকি অশ্লীল বাৰ্তা লগতে বিভিন্ন বদনাম কৰিবলৈ আৰম্ভ কৰে এই বিৰেশ্বৰ দাসে ।

ইফালে বিশেষকৈ বিৰেশ্বৰ দাসৰ এক লক্ষ্য টকা ধাৰ লোৱা একাংশ সন্মানীয় ৰাজনীতি দলৰ নেতাক লক্ষ্য কৰি অতি কৌশলেৰে টকা ধাৰ লয় তাৰ পিচতে বিৰেশ্বৰ দাসে ধাৰ লোৱা টকা ঘুৰাই দিয়া পৰিবৰ্তে লাহে লাহে সংঘাত সৃষ্টি কৰিবলৈ আৰম্ভ কৰে উক্ত ব্যক্তি সকলক এই অভিযোগ একাংশ সচেতন নাগৰিকৰ । বিশেষ কৈ এই দাসে কিছুমান ৰাজহুৱা স্থান লক্ষ্য কৰি লৈ বদনামত নামি পৰে যাতে ধাৰ দিয়া টকা ঘুৰাই দিব লগা নহয় তেনে এক ঘটনা কালি শুৱালকুচি বিজেপি দলীয় মাজত মাৰ পিট ঘটনাটোৰ বুলি একাংশ প্ৰকাশ কৰে ।
এতিয়া প্ৰশ্ন হয় কোন এও বিৰেশ্বৰ দাস এই প্ৰৱঞ্ছণা আৰৰ ৰহস্যৰ কি ? কিয় এনে দৰে দলীয় নেতাৰ পৰা টকা ধাৰ লয় সেইটো এটা ৰহস্য আৱত ।

এনে দৰে ব্যক্তিগত সংঘাতক দলীয় সংঘাত ৰূপ দিবলৈ চেষ্টা কৰা বিৰেশ্বৰ দাসক বিভিন্ন জনে গৰিহণা দিয়া লগতে বিজেপি দলৰ পৰা বহিস্কাৰৰ দাবী জনাইছে ।

Related posts

Leave a Comment