তিনিদিনীয়াকৈ ৱানছুৱা উৎসৱৰ আয়োজন

Sharing is caring!

তিনিদিনীয়াকৈ ৱানছুৱা উৎসৱৰ আয়োজন

অজয় হোকাই

আজিৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে পশ্চিম কাৰ্বি আংলং জিলাৰ হাতাওত তিৱা সকলৰ পৰম্পৰাগত উৎসৱ ৱানছুৱা উৎসৱৰ আয়োজন কৰা হৈছে । উখল মাখল হাতাওৰ পৰিৱেশ , ঘৰে ঘৰে দূৰ দূৰণিৰ পৰা ৱানছুৱা উৎসৱ চাবলৈ আহা আলহী , গাঁৱৰ সকলো পুজাৰ আয়োজনৰ সমান্তৰালকৈ আলহীক আতিৰ্থত ব্যস্ত । আজি সন্ধিয়া চাংটলৈ , চাংমাজি , সুৰামা , সুৰাচা , তিওৰি ,হাতাৰি আদি সকলোৱে ছামাদিত একগোট হৈ ছামাদিৰ পৰা বাদ্যযন্ত্ৰ নমাই আনি বাটে বাটে নৃত্য গীত কৰি কৰি চাংটলৈ বৰঘৰৰ চোতালত উপস্থিত হব । তাতে অৰ্থাৎ চাংদলৈ বৰঘৰৰ চোতালত গাৱঁৰ ডেকা বুঢ়া সকলে নৃত্য গীতৰ মাজেৰে ৱানছুৱা উৎসৱ শুভাৰম্ভনি কৰিব । মঙলবাব দিনাখন গাৱঁৰ ডেকা সকলৰ পুৰণি কমিটি ভঙ্গ কৰিব আৰু বৃহস্পতি বাৰ দিনা ডেকা সকলৰ নতুন কমিটি গঠন কৰা হব ‌ । ৱানছুৱা উৎসৱৰ মূল পৰ্ব বুধবাৰ দিনা খন হব , বুধবাৰে চাংদলৈ বৰঘৰৰ চোতালত ঘুৰণীয়াকৈ উৰল পুতি বিভিন্ন পৰম্পৰাগত গীত মাতেৰে পিঠাগুৰি খুন্দিব আৰু ৱানটোঙা খাব । গাঁৱৰ ডেকা সকলে আৰ খেতিত উৎপাদন হোৱা শস্য বোৰ লৈ হাতত য্যেনথৰ লৈ গাঁৱৰ ঘৰে ঘৰে গৈ গীত গায় নৃত্য কৰিব ।

বৃহস্পতি বাবে আবেলি পুজাৰ সকলো ৰীতি নীতি সমাপ্ত কৰি ৱানলংখ্ৰা খাব আৰু সকলোৱে মিলি ছামাদিৰ পৰা আনা বাদ্য যন্ত্ৰ বোৰ ছামাদিত নি সামৰি থয় ৱানছুৱা উৎসৱৰ সামৰণি কৰিব ।

Related posts

Leave a Comment