অশ্ৰুসিক্ত নয়নেৰে কৰুণানিধিক চিৰবিদায়

Sharing is caring!

 কৰুণানিধিক চিৰবিদায়

 

ডি এম কেৰ পিতামহ তথা তামিলনাডুৰ পাঁচবাৰৰ মুখ্য মন্ত্ৰী এম কৰুণানিধিৰ অন্তিম যাত্ৰা ৷  আজি বিয়লি ৪ বজাত ভাৰতীয় ৰাজনীতিৰ এসময়ৰ ‘কিং মেকাৰ’ এইগৰাকী বৰ্ষীয়ান নেতাক ৰাজাজি হলৰ পৰা মেৰিনা বীচ্চলৈ তেওঁৰ সমৰ্থক তথা দলীয় নেতা-কৰ্মীয়ে সমদল কৰি লৈ যায় ৷ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা এই অন্তিম যাত্ৰাত শোকাভিভূত হৈ পৰে তেওঁৰ অগণন গুণমুগ্ধ ৷

জনপ্ৰিয় নেতাগৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ অহা লোকৰ ভিৰত ৰাজাজি হলৰ বাহিৰত পদপিষ্ট হৈ কমেও দুজন লোকৰ মৃত্যু হোৱাৰ লগতে অন্য ৩৩জন লোক আঘাতপ্ৰাপ্ত হয় ৷ আনহাতে, ৰাজাজি হলৰ পৰা মেৰিনা বীচ্চলৈ এই গোটেই পথছোৱাত অশ্ৰুসিক্ত নয়নেৰে তেওঁৰ সমৰ্থকসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি চিৰবিদায় জনায় ৷

পিছত তেওঁক চেন্নাইৰ প্ৰসিদ্ধ মেৰিনা বীচ্চত তেওঁৰ ৰাজনৈতিক গুৰু চি এন আন্নাডুৰাই আৰু বন্ধু এম জি ৰামচন্দ্ৰননৰ স্মৃতিসৌধৰ ওচৰত সমাধিস্থিত কৰা হয় ৷ উল্লেখ্য যে দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীকে ধৰি ৰাজনীতি তথা অন্যান্য ক্ষেত্ৰৰ বহুতো গণ্য-মান্য ব্যক্তি কৰুণানিধিৰ অন্তিম সংস্কাৰত উপস্থিত থাকি অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে ৷  

Related posts

Leave a Comment