লোকসভাত এছচি/এছটি সংশোধন বিধেয়কৰ ওপৰত আলোচনা

Sharing is caring!

এছচি/এছটি সংশোধন বিধেয়কৰ ওপৰত সোমবাৰে লোকসভাত আলোচনা হোৱাৰ সম্ভাৱনা দেখা গৈছে। তেনেক্ষেত্ৰত বিজেপিয়ে সকলোবোৰ সাংসদলৈ জাৰি কৰিছে হুইপ। কংগ্ৰেছ সহ প্ৰায় ভাগ বিপক্ষ ৰাজনৈতিক দলে এই বিধেয়কখনৰ সমৰ্থনত মাত মতাৰ সম্ভৱনা আছে।

বিগত সপ্তাহত কেন্দ্ৰীয় মন্ত্ৰী থাৱৰ চন্দ্ৰ গহলতে বিধেয়কখন সংসদত উত্থাপন কৰিছিল। উল্লেখ যে, সংশোধিত বিধেয়কখনৰ লগতে এছচি-এছটি ধাৰাটো পুৰণি মূল স্বৰূপত আহিব। চলিত বৰ্ষৰ ২১ মাৰ্চত দিল্লী উচ্চতম ন্যায়ালয়ে ১৯৮৯ ৰ ধাৰাৰ অধীনত জাৰি কৰা গোচৰ সমূহত তৎকালীন ভাৱে গ্ৰেপ্তাৰ কৰাৰ পৰা প্ৰতিবন্ধকতা লগাইছে। ন্যায়ালয়ৰ এই আদেশটোৰ পিছত বিপক্ষ দল সমূহৰ উপৰিও দলিত সংগঠন সমূহে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে। যাৰ ফলস্বৰূপে চৰকাৰ বিধেয়কখনত সংশোধনৰ ওপৰত আলোচনা কৰিবলৈ আগবাঢ়ি আহে।

লগতে কেন্দ্ৰীয় মন্ত্ৰী সাৰদ যাদৱে দিয়া এক মন্ত্যৱ অনুসৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰা এছচি/এছটি ধাৰাক দুৰ্বল কৰা নিৰ্ণয়টোক স্থগিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰ দ্বাৰা মন্ত্ৰীপৰিষদত সংশোধিত বিধেয়কখনক স্বীকৃতি দিয়া আৰু সংসদত উত্থাপন কৰাৰ পিছত সকলো দলৰ সমৰ্থনৰ দ্বাৰা দলিত বৰ্গৰ দ্বাৰা আহ্বান জনোৱা বিগত ২ এপ্ৰিল আৰু আগন্তুক ১৫ আগষ্ট হ’বলগীয়া ভাৰত বন্ধৰ হেঁচা আছে।

Related posts

Leave a Comment