সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনৰ ৩৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস নলবাৰীত উদযাপন

 

সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনৰ ৩৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস নলবাৰীত উদযাপন

ডাঃ ভুগীচৰণ কলিতা সোঁৱৰণি বক্তৃতা অনুষ্ঠান সামৰণি

সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলন,নলবাৰী জিলা সমিতিৰ উদ‍্যোগত চটাইবাৰী আঞ্চলিক সমিতিৰ সহযোগত ৩৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি নলবাৰী জিলাৰ ধমধমা আঞ্চলিক দুৰ্গা মন্দিৰ প্ৰাংগণত ডাঃ ভূগীচৰণ কলিতা সোঁৱৰণি বক্তৃতা অনুষ্ঠান হৈ যায়।

স্থানীয় সমাজকৰ্মী হেমন্ত কুমাৰ পাটগিৰিয়ে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে অধিৱক্তা তথা সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনৰ সাধাৰণ সম্পাদক প্ৰতুল কলিতাই। সভাখনত সদৌ অসম কলিতা(আ:)জনগোষ্ঠী সন্মিলনৰ সভাপতি ডা:ৰমেন কাকতি, কাছাৰ জিলাৰ অৱসৰী চি.ডি.পি.অ’ ধৰণীধৰ কলিতা,কলিতা জনগোষ্ঠীৰ মুছলপুৰ জিলাৰ সভাপতি ৰামেশ্বৰ ডেকা,নলবাৰী জিলা সমিতিৰ সভাপতি সৰ্বেশ্বৰ কলিতা,,সাধাৰণ সম্পাদক ভুৱনেশ্বৰ কলিতা আদিয়ে। সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনৰ ওপৰত বিতংকৈ বক্তব্য আগবঢ়োৱাৰ লগতে ৩৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা ডাঃ ভূগীচৰণ কলিতাৰ স্মৃতি আলোকপাত কৰে।

প্ৰেৰক ফইজুল হক চৌধুৰীৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.