কাইলৈ উন্মোচিত হ’ব ‘নাট্যতত্ত্ব আৰু আলোচনা’

কাইলৈ উন্মোচিত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ

চিত্ৰ ৰঞ্জন নাথৰ দ্বাৰা সম্পাদিত 

নাট্যতত্ত্ব আৰু আলোচনা


গুৱাহাটী : ১০আগষ্ট@ অহা ১১ আগষ্ট শনিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ চিত্ৰ ৰঞ্জন নাথৰ দ্বাৰা সম্পাদিত ‘নাট্যতত্ত্ব আৰু আলোচনা’ নামৰ এখন প্ৰবন্ধ সংকলন গুৱাহাটীৰ দিঘলীপুখুৰী পাৰত অৱস্থিত ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আবেলি ৪ বজাত উন্মোচন কৰা হ’ব । নাটকৰ বিভিন্ন বিষয়ৰ, ৫১২ পৃষ্ঠাৰ প্ৰায় আঠচল্লিশটা প্ৰবন্ধৰে সংকলিত উক্ত গ্ৰন্থখনি উন্মোচন কৰিব অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে। উল্লেখ্য যে, গ্ৰন্থখনত নাটকৰ তাত্বিক দিশসমূহৰ আলোচনা কৰাৰ লগতে অসমীয়া কেইখনমান উল্লেখযোগ্য নাটকৰ ওপৰত বিদ্যায়তনিক আলোচনা আগবঢ়োৱা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° তৰণী ডেকাকে ধৰি অসমৰ স্বনামধন্য কেইবাগৰাকী সাহিত্যিকে অংশগ্ৰহন কৰিব এই অনুষ্ঠানত । পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনৰ উন্মোচনী সভাত সকলো সাহিত্য প্ৰেমীৰেই উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে গ্ৰন্থখনৰ সংকলক চিত্ৰ ৰঞ্জন নাথ আৰু পূৰ্বায়ণ প্ৰকাশনৰ স্বত্বাধিকাৰী অমৃত কুমাৰ উপাধ্যায়ে।

Leave a Comment