প্ৰত্যাহ্বানক জীৱনৰ লক্ষ্য হিচাপে লোৱা আৰক্ষী বিষয়গৰাকী …!

প্ৰত্যাহ্বানেই যাৰ লক্ষ্য

এগৰাকী সাহসী আৰক্ষী বিষয়া দেবেন বৰা

প্ৰদীপ লস্কৰ,কলিয়াবৰ

জীৱনকো তুচ্ছ কৰি প্ৰয়োজনত নিজৰ প্ৰাণ দিবলৈ কুন্ঠাবোধ নকৰা এজন অত্যুৎসাহি দক্ষ আৰক্ষী বিষয়া ।

দেশ আৰু জাতিক ভালপোৱা প্ৰকৃতিৰ প্ৰতি আছে তেওঁৰ অদম্য প্ৰেম।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় সুৰক্ষাৰ বাবে নিজৰ প্ৰাণ বিসৰ্জন দিবলৈ কুণ্ঠাবোধ নকৰা আৰক্ষী বিষয়া দেবেন বৰাই ২০১৪ চনৰ জুলাই মাহত জখলাবন্ধ আৰক্ষী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে যোগদান কৰে।

সেই সময়ত উদ্যান খনত চোৰাং চিকাৰীয়ে চলাই আছিল দৌৰাত্ম।মাহটোতে তিনি-চাৰিটাকৈ গঁড নিধন কৰি বন বিভাগৰ লগতে চৰকাৰ খনৰ নিদ্ৰা হৰণ কৰিছিল। ৰাজ্যখনৰ চৌদিশে গঁড় হত্যাৰ প্ৰতিবাদত প্ৰতিবাদ মুখৰ হৈ পৰিছিল। চৰম ভাবুকিৰ সন্মুখীন হ’ব লগাত পৰিছিল চৰকাৰ । বহু পৰিকল্পনা তথা আঁচনি প্ৰণয়ন কৰিও সফল হ’ব পৰা নাছিল চৰকাৰে।

 

এনেএক সন্ধিক্ষণত জখলাবন্ধ আৰক্ষী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে যোগদান কৰা বৰাই চোৰাংচিকাৰীৰ বিৰুদ্ধে এক প্ৰকাৰৰ জেহাদ ঘোষণা কৰে। ২০১৪ বৰ্ষত ৩৮ টা লগতে ২০১৫ বৰ্ষত ৭১ টা আৰু ২০১৬ বৰ্ষত ৯৬ টা, ২০১৭ বৰ্ষৰ পৰা বৰ্তমানলৈকে ৩০০ ৰো অধিক চোৰাংচিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। লগতে বিগত বৰ্ষত বহু চিকাৰীৰ হাতৰ পৰা ভালেসংখ্যক বন্দুক-বাৰুদ, গুলী, অস্ত্ৰ-শস্ত্ৰও জব্দ কৰে।

তেওঁ কুখ্যাত চোৰাংচিকাৰী হেমসিং ক্ৰামছা, সীতাৰাম লেকথে আৰু দিলীপ টকবিৰ লগতে কেইবাটাও চোৰাংচিকাৰীৰ দল ইতিমধ্যে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে।কাজিৰঙাৰ ঘন বনাঞ্চলত গঁড় সুৰক্ষাৰ নিমিত্তে চোৰাংচিকাৰীৰ সৈতে যুঁজিবলৈ যাওঁতে যথেষ্ঠ প্ৰত্যাহ্বানৰ সন্মুখীন হব লগাত পৰে। এই প্ৰত্যাহ্বানৰ সন্মুখীন হ’বৰ বাবে সদায় আগ্ৰহৰে বাট চাই থাকে আৰক্ষী বিষয়া গৰাকী। -“দেশ, নিজৰ জাতি আৰু কাজিৰঙাক ভালপোৱা মানুহে এনেকোৱা প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ আগ বাঢ়ি যাব পাৰে। আজিয়ে যদি কাজিৰঙাক সুৰক্ষা দিব নোৱাৰে তেনেহলে পিছৰ প্ৰজন্মই আমাক কাপুৰুষ বুলি ইতিকিং কৰিব।

বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন সুৰিক্ষত কৰি ৰাখিবৰ হ’লে বন বিভাগৰ লগতে ৰাজ্য চৰকাৰৰ বহু কৰণীয় আছে। বৰ্তমান বনবিভাগটোৰ কোনো মতিভেশ্বন নাই। গঁড় সুৰক্ষাৰ নামত বছৰ বছৰ ধৰি উদ্যানৰ ভিতৰত কাম কৰি থকা বন কৰ্মীসকলে দিনে-ৰাতি টোপনি ক্ষতি কৰি ভাগৰুৱা হৈ পৰে কিন্তু তোওঁলোকক চৰকাৰে উৎসাহ যোগোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই” বুলি আক্ষেপেৰে এই প্ৰতিবেদকৰ আগত মন্তব্য কৰে।

এই গৰাকী দক্ষ আদৰ্শবান আৰক্ষী বিষয়াৰ একানপতীয়া প্ৰচেষ্টাৰ বাবে কাজিৰঙাত গঁড় হত্যা বহু পৰিমানে হ্ৰাস পাইছে। বৰ্তমান আৰক্ষী বিষয়া গৰাকীয়ে কলিয়াবৰৰ লগতে জখলাবন্ধা অঞ্চলৰ ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে। তেওঁ অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ সামাজিক মনৰ পৰিচয় দিবলৈও সক্ষম হৈছে।

আৰক্ষী বিষয়া গৰাকীৰ সাহস আৰু ঐকান্তিক প্ৰচেষ্টাৰ বাবে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, সংগঠনে সম্বৰ্দ্ধনা জনাই কৰ্মক্ষেত্ৰত আগবাঢ়ি যাবলৈ উৎসাহ যোগাই। তেওঁৰ সাহসিকতাৰ বাবে বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰাক্তন বন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই তেওঁৰ কাৰ্য্যালয়ত আহি ভূয়শী প্ৰশংসা কৰি থৈ যায়।

নিজৰ পৰিয়াল আৰু জীৱনক তুচ্চ কৰি দেশ-জাতি-গঁড় সুৰক্ষাৰ স্বাৰ্থত নিজৰ প্ৰাণ বিষৰ্জন দিবলৈ কুন্ঠাবোধ নকৰা আৰক্ষী বিষয়া গৰাকীক চৰকাৰে যেনেধৰণে সন্মান দি উৎসাহিত কৰিব লাগিছিল ঠিক তেনেধৰণে উৎসাহিত কৰা নাই বুলি সচেতন মহলে আক্ষেপ কৰে।

Related posts

Leave a Comment