গহপুৰত স্বাধীনতা দিৱস উদ্ যাপনৰ ব‍্যাপক প্ৰস্তুতি

Sharing is caring!

অসম খবৰ,গহপুৰ,১০আগষ্ট: সমগ্র দেশৰ লগতে গহপুৰতো গহপুৰৰ মহকুমা প্ৰশাসনৰ উদ‍্যোগত ৭২ সংখ্যক স্বাধীনতা দিৱসটো উদ্ যাপনৰ ব‍্যাপক প্ৰস্তুতি চলোৱা হৈছে । অহা ১৫ আগষ্টত গহপুৰ হাইস্কুল খেলপথাৰত উদ্ যাপন কৰিবলগীয়া স্বাধীনতা দিৱসৰ ঘোষিত কাৰ্যসূচী অনুসৰি পুৱা ৫ বজাত গহপুৰ নগৰ এলেকাত প্ৰভাত ফেৰী আৰু দেশপ্ৰেমমূলক গীত পৰিৱেশন,৬ বজাত নিজ নিজ বাসস্থান, ব‍্যৱসায়িক প্ৰতিষ্ঠান, দোকান-পোহাৰ, বাণিজ্যিক প্ৰতিষ্ঠান আদিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন,৭ বজাত চৰকাৰী, বেচৰকাৰী আৰু বিভিন্ন শিক্ষানুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছতে পুৱা ৮ বজাৰ ভিতৰত ছাত্র-ছাত্ৰী, শিক্ষক সমন্বিতে শোভাযাত্ৰা কৰি গহপুৰ হাইস্কুল খেলপথাৰত উপস্থিত হ’ব । পুৱা ৮.৪৫ বজাত গহপুৰ নগৰৰ কনকলতা-মুকুন্দ কাকতি উদ‍্যানত শ্বহীদ তৰ্পণ আৰু পুৱা ৯ বজাৰ পৰা গহপুৰ হাইস্কুল খেলপথাৰ প্ৰাংগণত আনুষ্ঠানিকভাৱে অভিবাদন গ্ৰহণ, ৰাষ্ট্ৰীয় পতাকা উত্তোলন, ভাষণ আৰু আৰক্ষী-ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহনী, স্কাউদ এণ্ড গাইড,ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা কুচকাৱাজত অংশগ্ৰহণ তথা সম্বৰ্ধনা অনুষ্ঠান।পুৱা ১১ বজাত গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ ৰোগীসকলৰ মাজত ফলমূল বিতৰণ, বিয়লি ৩ বজাত প্ৰীতি ফুটবল খেল প্ৰদৰ্শন আৰু সূৰ্যাস্তৰ লগে লগে ৰাষ্ট্ৰীয় পতাকা অৱনমিতকৰণ তথা গহপুৰৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ড° ইন্দ্ৰানসী দাসে স্বাধীনতা দিৱসৰ উক্ত সকলো কাৰ্যসূচীত সমূহ ৰাইজৰ অংশগ্ৰহণ আৰু উপস্থিতি একান্তভাৱে কামনা কৰিছে ।

Related posts

Leave a Comment