খাকী পোছাকৰ আঁৰৰ এজন মহান ব্যক্তি….

Sharing is caring!

খাকী পোছাকৰ আঁৰৰ এজন মহান ব্যক্তি

  • নিজৰ দৰমহাৰ টকাৰে দুখীয়াক দান কৰে অন্ন -বস্ত্ৰ
  • অসমৰ প্ৰতিটো দুখীয়া পৰিয়ালৰ লগত সম্পর্ক ৰক্ষা কৰাৰ সংকল্প এই জন লোকৰ

অসম খবৰ,ডিজিটেল নিউজ ডেস্ক@

📨 (নবুল কোঁৱৰ)

খাঁকী পোছাঁক মানেই আমাৰ মানসপটত ভাঁহি আহে খাকী পোছাক পৰিহিত, হাতত বন্দুক অথবা লাঠী লৈ মানুহক ভয় দেখুওৱা এজন ব্যক্তিৰ ছবি। সাধাৰণতে তেঁওলোক কঠুৱা স্বভাৱৰ আৰু ৰুক্ষতাৰে কাম কৰা ব্যক্তি যেন লাগিলেও এয়া সকলো সময়তে শুদ্ধ নহয়। আমি আজি আপোনালোকৰ আগত এনে এজন সৈনিকৰ সৈতে চিনাকী কৰি দিম যি জন সৈনিকে নিজৰ দৰমহাৰ টকাৰে দুখীয়াক দান কৰি মানব সেৱাত বৰ্তী হৈছে৷ চাকৰি সূত্ৰে ভাৰতৰ লগতে অসমৰ বিভিন্ন স্হানত ঘুৰি দুখীয়া লোকক কাপোৰ আৰু এসাঁজ ভাত খোৱাই সহায় কৰি আহিছে এই জন সৈনিকে৷ দৰং জিলাৰ দিব্য জ্যোতি হাজৰিকা নামৰ কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনীৰ এই কনিষ্টবল গৰাকীয়ে দৰিদ্ৰ শিশুসকলক খাদ্য আৰু  কাপোৰ যোগান ধৰি মানৱতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনীৰ এজন নিষ্ঠাবান কৰ্মী দিব্য জ্যোতি হাজৰিকা ৷ কিন্তু তিঁওৰ প্ৰচলিত তথা জনপ্ৰিয় নাম হল বিৰাজ হাজৰিকা৷ চাকৰি সূত্রে ভাৰতৰ বিভিন্ন ঠাইত নিজ কৰ্মৰ লগতে আজৰি সময়ত বস্তি এলেকাৰ দৰিদ্ৰ পৰিয়ালৰ শিশুসকলক খাদ্য আৰু কাপোৰ বিলোৱাৰ লগতে তেওঁলোকক সজাগ নাগৰিকৰূপে গঢ়ি তোলাত গুৰুত্ব প্রদান কৰি আহিছ এইজন সৈনিকে৷ কেন্দ্ৰীয় সুৰক্ষা বাহিনীত যোগদান কৰাৰ পৰাই নিজৰ দৰমহা টকাৰে দুখীয়া শিশুসকলক কাপোৰ আৰু খাদ্য প্ৰদান কৰি আহিছে ৷এই ক্ষেত্ৰত সহায়ৰ হাত আগ বঢ়াইছে তেঁওৰ পত্নীয়েও। বৰ্তমান নিজ দৰমহাৰ ১০% টকা দুখীয়া লোকসকলৰ মাজত খাদ্য প্ৰদান আৰু শিশুসকলক কাপোৰ বিলোৱাৰ বাবে খৰচ কৰি আহিছে৷ দুখীয়া লোক সকলক প্ৰতি মাহে সহায় কৰি অহাৰ বাবে   মানুহে তেওঁক গৰীৱৰ বন্ধু নাম  দিছে । বৰ্তমান এইজন বিৰাজ হাজৰিকা নাজিৰাত উপস্হিত হৈছিহি৷ ONGC অসম সম্পদৰ অধীনত থকা কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ চাওনীলৈ তেঁও বদলি হৈ আহিছে৷  ভাৰতৰ আন আন ঠাইত যি মহান কাম তেঁও কৰি আহিছে নাজিৰাত উপস্হিত হৈ সেই কৰ্মত হাত দিছে ৷ তেঁও এক মহান সংকল্প লৈছে যে, অসমৰ যিমান দুখীয়া পৰিয়াল আছে সকলো পৰিয়ালৰ লগত তেঁও সম্পৰ্ক স্হাপন কৰিব আৰু সহায়ৰ হাত আগবঢ়াব৷ 

Related posts