জেট এয়াৰৱেজৰ বৈমানিকৰ দায়িত্বত অসম কন্যা

Sharing is caring!

জেট এয়াৰৱেজৰ বৈমানিকৰ দায়িত্বত

অসম কন্যা অভিষ্কা কাশ্যপ


এগৰাকী অসমীয়া যুৱতী । বয়স ২৪ বছৰ, নাম অভিষ্কা কাশ্যপ । মহানগৰীৰ বেলতলাৰ যুৱতী অভিষ্কা এতিয়া এগৰাকী বৈমানিক । গুৱাহাটীৰ দিল্লী পাব্লিক স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰা অভিষ্কাই ২০১৫ বর্ষত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ দৌলতৰাম মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে ।

স্বামীৰ অনুপ্ৰেৰণাত নিজকে এগৰাকী বৈমানিক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ উৰা মাৰিছিল সাত-সাগৰ তেৰ নদী সিপাৰৰ দেশ আমেৰিকালৈ আৰু ফ্লৰিডাত থকা বৈমানিক প্ৰশিক্ষণ কেন্দ্ৰত বিমান চালকৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল । আৰু তাতে প্ৰায় ১০ মাহ প্ৰশিক্ষণ সফলতাৰে সমাপ্ত কৰি অভিষ্কা এতিয়া এগৰাকী বিমান চালক হিচাপে নিয়োজিত হৈছে দেশৰ আগশাৰীৰ বিমান কোম্পানী জে’ট এয়াৰৱেজত ।

ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় বিমান চালকৰ অনুজ্ঞাপত্ৰ লাভ কৰা অভিষ্কাই এতিয়া দিল্লীৰ পৰা ডুবাইৰ আবুধাবিলৈ চলিব লগা জেট এয়াৰৱেজৰ এখন যাত্ৰীবাহী বিমানৰ চালকৰ দায়িত্ব পালন কৰিব।অভিষ্কাৰ এই সাফল্যত এতিয়া গৰ্বিত সমগ্র ৰাজ্যবাসী ।

Related posts

Leave a Comment