নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ পঞ্চমদিনা প্ৰাক্তন ছাত্ৰ ছাত্ৰী  সমাৰোহত ড:হিমন্ত বিশ্ব শৰ্মা

Sharing is caring!

 

নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ পঞ্চমদিনা প্ৰাক্তন ছাত্ৰ ছাত্ৰী                                      সমাৰোহত ড:হিমন্ত বিশ্ব শৰ্মা

জ্ঞানৰ চৰ্চা জ্ঞানৰ অন্বেষণে নিৰ্ণয় কৰে

যি দেশৰ শিক্ষা ব্যৱস্থা উন্নত সেই দেশেই পৰাক্ৰমী-শৰ্মা
মহাৰজত জয়ন্তী উপলক্ষে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

 

প্ৰাচীন ভাৰতবৰ্ষ বিশ্বৰ গুৰু আছিল।

ইয়াৰ মূলতেই আছিল তক্ষশীলা আৰু নালন্দা বিশ্ববিদ্যালয়।

এই দুখন বিশ্ববিদ্যালয়ে শিক্ষাৰ গুৰি ধৰাৰ বাবেই ভাৰতবৰ্ষই বিশ্বত প্ৰভাৱশালী দেশ হিচাপে গুৰুত্ব লাভ কৰিছিল। কিন্তু পিছত তক্ষশীলা আৰু নালন্দা বিশ্ব বিদ্যালয় লুপ্ত হয়। পশ্চিমৰ দেশত প্ৰতিষ্ঠা হয় অক্সফোৰ্ড আৰু হাভাৰ্ড বিশ্ববিদ্যালয়। ইয়াৰ লগে লগে শিক্ষাৰ গতি পশ্চিমীয়া দেশলৈ গতি কৰে। ভাৰতবৰ্ষৰ পৰিবৰ্তে বিশ্বৰ নেতৃত্ব পশ্চিমীয়া দেশলৈ স্থানান্তৰিত হয়। এই মন্তব্য ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ পঞ্চমদিনা আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি মন্ত্ৰী ড° শৰ্মাই কয় যে, জাতিৰ উৎকৰ্ষ আৰু মানদণ্ড শিক্ষা ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। জ্ঞানৰ চৰ্চা জ্ঞানৰ অন্বেষণে নিৰ্ণয় কৰে।

যি দেশৰ শিক্ষা ব্যৱস্থা উন্নত সেই দেশেই পৰাক্ৰমী। অসমৰ প্ৰাথমিক শিক্ষা আৰু উচ্চ মাধ্যমিক শিক্ষাৰ ত্ৰুটিসমূহ উল্লেখ কৰি ড° শৰ্মাই কয়– ব্যক্তিগত খণ্ডৰ তুলনাত চৰকাৰী খণ্ডৰ প্ৰাথমিক আৰু উচ্চ মাধ্যমিক দুৰ্বল। ৰাজনৈতিক নিযুক্তিয়ে ভাৰাক্ৰান্ত কৰি তুলিছিল শিক্ষা ব্যৱস্থা। যেতিয়া আমাৰ চৰকাৰ জাগ্ৰত হ’ল তেতিয়া বহুত দেৰি হৈ গৈছিল। ছাত্ৰ ছাত্ৰী বহু অভিভাৱক মানসিকভাৱে চৰকাৰী বিদ্যালয়ৰ পৰা আঁ‌তৰি গৈছিল। ইয়াৰ তুলনাত মহাবিদ্যালয়, বিশ্ব বিদ্যালয় এতিয়াও শক্তিশালী হৈ আছে। ব্যক্তিগত শিক্ষানুষ্ঠানসমূহে ইয়াৰ লগত ফেৰ মাৰিব পৰা নাই। পূৰ্বৰ অসমৰ লগত বৰ্তমানৰ অসমৰ আৰ্থ সামাজিক অৱস্থাৰ পাৰ্থক্য আছে বুলি মন্তব্য কৰি ড° শৰ্মাই কয় যে,  এটা সময়ত অসমৰ তেল বাৰাউনিলৈ নিয়া হৈছিল। এতিয়া উৰিষ্যাৰ সাগৰৰ পৰা তেল নানিলে অসমৰ ৰিফাইনেৰি নচলে। আমাৰ প্ৰজন্মই চান্দা সংস্কৃতিৰ পৃষ্ঠ্ভূমি হৈ পৰিছে অসম।ৰাজনীতি, সমাজনীতি আৰু অৰ্থ নীতি বৰ্তমান পংকিলতা আহিছে। আত্মনিৰ্ভৰশীল অসমীয়া জাতি পৰমুখাপেখি হ’বলৈ গৈ আছে। বৰ্তমানৰ নৱ প্ৰজন্মই ইয়াৰ পৰিবৰ্তন কৰিব লাগিব। নগাঁও মহাবিদ্যালয়ৰ গৌৰৱ উজ্জ্বল ঐতিহ্যৰ কথা উল্লেখ কৰি তেওঁ কয় যে, ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছত মহাবিদ্যালয়খনৰ দায়িত্ব আৰু বাহিল। এনে সময়ত মহাবিদ্যালয়খনে যাতে প্ৰতিযোগিতাৰ পৰা আঁ‌তৰি নাযায় তাৰ সংকল্প ল’ব লাগিব। অগ্ৰজ সকলে দি যোৱা গৌৰৱ ৰাখিব পাৰিছোনে নাই সেই কথাও চিন্তা কৰিব লাগিব। লক্ষ্মীনাথ বেজবৰুৱাকে ধৰি বিশিষ্ট ব্যক্তি সকলৰ উদ্ধমুখী যাত্ৰাক আমি ধৰি ৰাখিব লাগিব।মন্ত্ৰী ডঃ শৰ্মাই নগাঁও মহাবিদ্যালয়ৰ উন্নয়ণত সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰতি দিয়ে।সমাৰোহত অংশগ্ৰহন কৰি মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই সাহিত্য-সংস্কৃতি-ৰাজনীতি সকলো ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱাৰ কথা উল্লেখ কৰে।সমাৰোহত বিশিষ্ট অভিনেতা যতীন বৰাই অংশগ্ৰহন কৰি কয় যে-ছাত্ৰ-ছাত্ৰী সকলে প্ৰথমে মানুহ হোৱাৰ শিক্ষা গ্ৰহন কৰক।পৃতি-মাতৃ শিক্ষকক ভগৱানৰ দৰে জ্ঞান কৰক।সাংবাদিক সুনীল বৰাই আঁত ধৰা সভাখনত ডি ৱাই ৩৬৫ চেনেলৰ মুখ্য সম্পাদক মনোজ গোস্বামীয়েও ভাষন দিয়ে।সমাৰোহৰ আদৰণী ভাষন দিয়ে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীয়ে।সমাৰোহত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আলিমুজ জামান উপস্থিত থাকে ইপিনে আজি পুৱা নগাঁও চহৰৰ কলঙৰ বাকৰি নেহৰুবালিৰ পৰা নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।শোভাযাত্ৰাৰ উদ্বোধন কৰে প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে।শোভাযাত্ৰা উদ্বোধন কৰি তেওঁ কয় যে-সকলোৱে কলঙক মৃত বুলি কয়।কিন্তু নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ আজিৰ এই ৰং ৰহইচ আৰু বৰ্ণাঢ্য প্ৰস্তুতি দেখি মোৰ বিশ্বাস এই কলং পুনৰ জী উঠিব।এসময়ৰ দেৱকান্ত বৰুৱা আৰু নৱকান্ত বৰুৱাৰ কলঙক আমি জীয়াই তুলিব পাৰিম।নগাঁও মহাবিদ্যালয়ে বিগত সময়ত পটু ৰাজনীতিবিদ,প্ৰষিদ্ধ শিক্ষাবিদ,বিজ্ঞানী।আদি সৃষ্টি কৰিছে।সেয়ে ছাত্ৰ-ছাত্ৰী সকলে নগাঁও মহাবিদ্যালয়তে নিজৰ আদৰ্শৰ উৎস বিচাৰি পাব।নগাঁৱৰ পুৰনি ঐতিহ্য পুনৰ সজীৱ হৈ উঠিব।সাংস্কৃতিক শোভাযাত্ৰাত বিধায়ক ৰূপক শৰ্মা,প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা,অভিনেতা যতীন বৰাই অংশগ্ৰহন কৰে।আনপিনেদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ কৃষ্টি-সংস্কৃতিৰ পৰা আৰম্ভ কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতি,ভাৰতৰ স্বাধীনতা আন্দোলন,অসমৰ জাতীয় আন্দোলন,অসমৰ বীৰ-বীৰাংগনাৰ কৃতীকে ধৰি বিভিন্ন প্ৰতীক প্ৰদৰ্শন কৰা হয়।প্ৰায় চাৰি কিলোমিটাৰ দৈৰ্ঘ্যৰ এই বৰ্ণাঢ্য শোভাযাত্ৰাত নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী,অধ্যাপক-অধ্যাপিকা,অৱসৰ প্ৰাপ্ত অধ্যাপক-অধ্যাপিকা,প্ৰাক্তন ছাত্ৰ-ছাত্ৰীকে ধৰি ভালে সংখ্যক শুভাকাংক্ষীয়ে অংশগ্ৰহন কৰে।

Related posts

Leave a Comment