মন্ত্ৰী ৰাজেন গোঁহাইক ৰাজহুৱা ক্ষমা খোজাৰ দাবী মজলীয়া স্কুল শিক্ষক সন্থাৰ 

Sharing is caring!

 মন্ত্ৰী ৰাজেন গোঁহাইক ৰাজহুৱা ক্ষমা খোজাৰ দাবী মজলীয়া স্কুল শিক্ষক সন্থাৰ 

 

অসম খবৰLIVE,@(কাব্যজ্যোতি হাজৰিকা)  :১১মে:- 

শিক্ষক সকল সমাজৰ ধৰণী। পবিত্ৰ শিক্ষা বৃত্তিত জড়িত শিক্ষক সকলক যুগ যুগ ধৰি সমাজে আগস্থান দি আহিছে। মানৱ সম্পদ গঢ়া শিক্ষক সকলক কৰা ত্যুচ্চ তাচ্চিল্য কৰা কাৰ্য গঢ়িহনাৰ যোগ্য। এই মন্তব্য সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থাৰ প্ৰধান সম্পাদক ৰঞ্জিত বৰঠাকুৰৰ। কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত সম্পাদক প্ৰধান গৰাকীয়ে কয়, সৌ সিদিনা সৰু পথাৰত এগৰাকী উপায়ুক্তই শিক্ষকক শাৰিৰীক মানসিক নিয্যাতন চলোৱাৰ ঘটনা মাৰ নৌ যাওঁতেই পুনৰ মন্ত্ৰী ৰাজেন গোঁহায়ে এগৰাকী অৱসৰ প্ৰাপ্ত শিক্ষকক কৰা অপমান অসহনীয় আৰু গৰিহণাৰ যোগ্য। ৰাজনৈতিক ক্ষমতাত বলিয়ান হৈ ৰেল মন্ত্ৰী ৰাজেন গোঁহাইয়ে ৰাজহুৱা স্থানত এগৰাকী জ্যেষ্ঠ শিক্ষকক কৰা অপমান সমাজ খনৰ কাৰণেই অশুভবাৰ্তা কঢ়িয়াই অানিছে ৷মজলীয়া স্কুল শিক্ষক সন্থাৰ প্ৰধান সম্পাদক গৰাকীয়ে কয় সময় থাকোতেই মন্ত্ৰী ৰাজেন গোঁহাইয়ে ৰাজহুৱা ভাৱে ক্ষমা খোজা উচিত। অন্যথা মন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰুদ্ধে অসমৰ শিক্ষক সমাজে সৰৱ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও বিবৃটিটোত উল্লেখ কৰে ৷ 

Related posts