বিলাসীপাৰা শিক্ষা খণ্ডৰ অধীনস্হ বিদ্যালয় শ্মশান যাত্রা

Sharing is caring!

 বিলাসীপাৰা শিক্ষা খণ্ডৰ অধীনস্হ বিদ্যালয় শ্মশান যাত্রা

বিলাসীপাৰা ৰ পৰা জহিৰুল ইছলাম
ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষা খণ্ডৰ অধীনস্হ চৰাণ্চলৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা শ্মশান যাত্রাত পৰিণত হোৱা পৰিলক্ষিত হৈছে। ইয়াৰে বাহাদুৰ কাটি এম ভি স্কুলৰ প্ৰধান শিক্ষক সাহজাহান আলীয়ে চৰকাৰী বিভাগৰ সকলো নিয়ম নীতি ভংগ কৰি গাফিলতি ভাৱে সদায় বিলাসীপাৰা বজাৰত ঘুৰা ফুৰা কৰি দৰমহা ভোগ কৰা অভিযোগ উত্থাপন কৰিছে ৰাইজে। বিদ্যালয় খনৰ পাঠদান নাই আৰু মধ্যহ্ন ভোজনৰ আহাৰৰ কোনো খবৰ নাই। বিদ্যালয়ত শিক্ষক সকলৰ অনিয়মীয়া উপস্থিতি। বিদ্যালয়ৰ তলা খোলা নহয়। আবুল হুছেন শিক্ষকৰ পুত্রই বহু দিন ধৰি

বিদ্যালয়ৰ পাঠদান দিয়া কাৰ্য্যিই চকু কপালত তুলিছে। বিদ্যালয়ত সভা অনুষ্ঠিত নকৰাকৈ বিভাগৰ লগত গোপন বুজা বুজি কৰি নিজৰ সাৰ্থসিদ্ধিৰ ভাৱে এজন যুৱকক বিদ্যালয় পৰিচালনা সমিতি ৰ সভাপতি বনোৱাৰ ৰাইজৰমাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ প্ৰমাণ পত্র দিয়াৰ নামত অবৈধ ভাৱে ধন সংগ্ৰহৰ কৰা অভিযোগ উত্থাপন কৰিছে ৰাইজে। একে দৰে বয়জেৰ আমাৰ পঢ়াশালী ওলোমাই আছে। এইবোৰ দুৰ্নীতিৰ তদন্ত কৰিলেই জোলোঙা মেকুৰী ওলাই পৰিব বুলি ৰাইজে দাবী কৰে। প্ৰধান শিক্ষক সাহজাহান আলীক শাস্তি মুলক বদলি কৰি অঞ্চলটোৰ শিক্ষা পৰিবেশ ঘুৰাই অনাৰ দাবী জনাইছে ৰাইজে।

 

Related posts

Leave a Comment