লক্ষীমপুৰত বেতন বঞ্চিত শিক্ষকৰ আমৰণ অনশন নিৰৱ ভুমিকাত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী

Sharing is caring!

 

লক্ষীমপুৰত বেতন বঞ্চিত শিক্ষকৰ আমৰণ অনশন
নিৰৱ ভুমিকাত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী

ডিজিটেল ডেক্স,লক্ষীমপুৰৰ পৰা অৰূপ শইকীয়া

দেশৰ লগতে অসমৰ জনসাধাৰনেও ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবৰ বাবে প্ৰস্তুতি কৰি থকাৰ সময়তে লক্ষীমপুৰ জিলাত আমৰন অনশন বহিব লগা হৈছে ১৯৯১ আৰু ১৯৯৬ চনত নিযুক্তি লাভ কৰা প্ৰা: শিক্ষক সকলে । বিশদ খবৰ অনুসৰি ১৯৯১ চনত নিযুক্তি লাভ কৰা প্ৰা: শিক্ষক সকলক পুৰ্বৰ চৰকাৰে চাৰি মাহৰ পাৰিতোষিক প্ৰদান কৰাৰ পাছৰে পৰা কোনো ধৰনৰ পাৰিতোষিক প্ৰদান কৰা নাছিল কৰ্মচাৰি সকলক । যাৰফলত কৰ্মচাৰি সকলে আদালতৰ কাষচাপিছিল কৰ্মচাৰ সকল । কিন্তু আদালতত এই কৰ্মচাৰি সকলক অবৈধ বুলি জনায় অসম চৰকাৰে । ফলত এই মন্তব্যৰ বাবে দুখত ভাগি পৰি কৰ্মচাৰি সকলে ২৬ জুলাইত আত্মজাহৰ সিদ্ধান্ত লৈছিল যদিও ৭ দিনৰ ভিতৰত মুখ্যমন্ত্ৰী গৰাকীয়ে সমস্যা সমাধান কৰিব বুলি আশ্বাস দিয়াৰ বাবে সেই কায্যসুচি বাতিল কৰিছিল ২১ তা দিন উকলি যোৱাত যোৱা ১০ আগষ্ট পৰা আমৰণ অনশনত বহে সদৌ অসম বেতন বঞ্চিত প্ৰা:শিক্ষক কৰ্মচাৰি সকলে । জানিব পৰাঅনুসৰি ৪ তা দিন অনসন বহাত ৬জন কৰ্মচাৰিৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি হৈ পৰাত লক্ষীমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ছাত্ৰ সন্থাৰ সহযোগত । কিন্তু আজি অনসনৰ চাৰি দিন ওকলি যোৱাৰ পাছতো শিক্ষা জীৱনৰ মূল গুৰি ধৰোতা প্ৰা: শিক্ষক সকলৰ খবৰ লবলৈ সময় হোৱা নাই মুখ্যমন্ত্ৰী তথা শিক্ষা মন্ত্ৰীৰ । যোৱা ১১ আগষ্টত স্থানীয় বিধায়ক তথা সাংসদ কেইগৰাকীয়ে কৰ্মচাৰি সকলৰ মনৰ বুজ লয় যদিও মুখ্যমন্ত্ৰীৰ মুখেৰে একো উত্তৰ নোপোৱা পৰ্যন্ত অনশন বাহাল থাকিব বুলি যানিব দিয়ে কৰ্মচাৰি সকলে ।

Related posts

Leave a Comment