চাইবেৰিয়াৰ বাণিজ্যিক কেন্দ্ৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড

Sharing is caring!

ৰুচ দেশৰ চাইবেৰিয়াত সোমবাৰে পুৱাৰ ভাগতে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডটো চাইবেৰিয়া চহৰৰ এটা বাণিজ্যিক কেন্দ্ৰৰ ৪ৰ্থ মহলাত ঘটে। এই ভয়ংকৰ অগ্নিকাণ্ডটোত কেইবাটাও পৰিয়ালৰ সদস্যই অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লয়।

এই জুই ইমানে ভয়ানক আছিল যে নিমিষতে ছাই হৈ পৰে বাণিজ্যিক কেন্দ্ৰটোৰ ৪ৰ্থ মহলাটো। বহু সময়ৰ যুজঁৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নির্বাপিত কৰিবলৈ সক্ষম হোৱাৰ পাছত আৰম্ভ হোৱা তদন্তৰ অন্তত কেইবাটাও আচৰিত তথা আবেগিক তথ্য পোহৰলৈ অহা পৰিলক্ষিত হয়। এই দুৰ্ঘটনাটোত নিজৰ প্ৰাণ হেৰুৱাসকলৰ ভিতৰত সৰহ সংখ্যক স্কুলীয়া ছাত্ৰ-ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ তদন্তৰ সময়ত এইটো পৰিলক্ষিত হোৱা দেখা গৈছে যে, কেইবাটাও স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে নিজকে জুইৰ মাজত ঘেৰি পৰা পাই নিজৰ নিজৰ অভিভাৱকলৈ ফোন কৰি অগ্নিকাণ্ড সংঘটিত হোৱাৰ কথা অৱগত কৰে বুলি অভিভাৱকে সদৰী কৰে।

দেশখনৰ টিভি চেনেলে জনোৱা অনুসৰি চাইবেৰিয়াৰ বাণিজ্যিক কেন্দ্ৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডটোত এতিয়ালৈ মুঠ ৬৪ জন লোকৰ মৃত্যু হোৱা তথ্য পোহৰলৈ আহিছে।

Related posts

Leave a Comment